উচ্চতম ন্যায়ালয়ৰ ৫ জনীয়া বিচাৰপীঠে সমলীংগ বিবাহক আইনী বৈধতা দিবলৈ অস্বীকাৰ কৰিছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে সমলীংগ বিবাহক বৈধতা প্ৰদানৰ বাবে দাখিল কৰা ২১ খন আৱেদনৰ ওপৰত ৰায় প্ৰদান কৰি কয় যে, বিশেষ বিবাহ আইন পৰিৱৰ্তন কৰাটো সংসদৰ কাম। ন্যায়ালয়ে কেৱল আইনৰ ব্যাখ্যা কৰিব পাৰে, আইন তৈয়াৰ কৰিব নোৱাৰে।
বিচাৰপীঠে গোচৰটোত ৪ টা ভিন্ন ৰায় দিছে। মুখ্য ন্যায়াধীশগৰাকীৰ উপৰিও ন্যায়াধীশ সঞ্জয় কিষাণ কৌল, ন্যায়াধীশ ৰবীন্দ্ৰ ভাট আৰু ন্যায়াধীশ পি এন নৰসিমহাই পৃথক পৃথক ৰায় প্ৰদান কৰিছে। মুখ্যন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে গোচৰটোত কয়, ন্যায়ালয়ে আইন তৈয়াৰ নকৰে। কেৱল আইনৰ ব্যাখ্যা কৰে আৰু ইয়াক কাৰ্যকৰী কৰিব পাৰে।
লগতে তেওঁ কয়যে, সমকামিতা কেৱল নগৰীয়া ধাৰণা নহয় বা সমাজৰ উচ্চ বৰ্গলৈ সীমাবদ্ধ নহয়। ইয়াৰোপৰি কয়, বিশেষ বিবাহ আইনৰ ব্যৱস্থা সলনি কৰাৰ প্ৰয়োজন আছে নে নাই সেই বিষয়ে সিদ্ধান্ত সংসদে ল’ব লাগিব।
মুখ্য ন্যায়াধীশগৰাকীয়ে পুনৰ কয়, কেৱল চহৰাঞ্চলতে সমকামিতা আছে বুলি কল্পনা কৰাটো সেইবোৰ নিৰ্মূল কৰাৰ দৰে হ'ব। যিকোনো জাতি বা শ্ৰেণীৰ ব্যক্তি সমকামী হ'ব পাৰে। উল্লেখ্য যে, সাংবিধানিক বিচাৰপীঠে ১০ দিনৰ মাৰাথন শুনানিৰ পিছত ১১ মে’ত আৱেদনসমূহৰ ওপৰত নিজৰ ৰায় সংৰক্ষিত ৰাখিছিল।
- Log in to post comments