আত্মহত্যা! পত্নীক দেখা কৰিবলৈ নাপায় পিন্ধি থকা গেঞ্জীটোৰে চিপ লৈ আত্মহত্যা স্বামীৰ..........

Suicide

মৰাণত সংঘটিত হৈছে এক চাঞ্চল্যকৰ আত্মহত্যা। পত্নীক সাক্ষাৎ কৰিব নোৱাৰি নিজৰ জীৱনটোকে শেষ কৰি পেলালে এজন লোকে। মৰাণৰ ১০৮ নং খোৱাং গ্ৰাণ্টত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। আজি পুৱাই উদ্ধাৰ হয় লোকজনৰ মৃতদেহ।

suicide

স্থানীয় লোকৰ পৰা জানিব পৰা মতে, প্ৰায়ে স্বামী–স্ত্ৰীৰ মাজত হৈছিল কাজিয়া। যাৰ ফলত বাৰে বাৰে পত্নীয়ে ঘৰৰ পৰা ওলাই গৈ সম্পৰ্কীয়ৰ ঘৰত থাকে। পিছত পুনৰ পত্নীক ঘৰলৈ লৈ আহে স্বামীয়ে। থিক তেনেদৰেই এইবাৰো সংঘটিত হৈছিল একে কাহিনী। কিন্তু এইবাৰ প্ৰাণ হেৰুৱাব লগীয়া হ'ল স্বামীয়ে। 

ঘটনাৰ বিৱৰণী অনুসৰি, কৰ্মসূত্ৰে মৰাণৰ ভাৰাঘৰত আছিল ডিমৌৰ কৃষ্ণ বিহাৰী চাহ বাগিচাৰ খঙীয়াৰ ঘনশ্যাম কুৰ্মী নামৰ লোকজন। স্বামী–স্ত্ৰীৰ মাজত হোৱা কাজিয়াৰ বাবেই পত্নীয়ে ঘৰ এৰি সম্পৰ্কীয় ঘৰত আছিল। তাৰ পিছতে পত্নীক লগ কৰিবলৈ গৈ লগ নোপোৱাৰ বাবেই পিন্ধি থকা গেঞ্জীটোৰে চিপ লৈ আত্মহত্যা কৰিলে স্বামীয়ে। 

suicide

উল্লেখ্য যে, শেহতীয়াকৈ ভাৰাঘৰৰ পৰা ওলাই গৈ ১০৮নং খোৱাং গ্ৰাণ্টৰ নিবাসী এঘৰ আত্মীয়ৰ ঘৰত আছিল পত্নী। আজি পুৱা স্বামীয়ে পত্নীক লগ কৰিবলৈ গৈছিল। কিন্তু গে’টত তলা লগোৱা আছিল। পত্নীক লগ কৰিব নোৱাৰি ওখ গে’টখনত চিপ লৈ চূড়ান্ত সিদ্ধান্ত লয় লোকজনে। ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। লোকজনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Category
Profile picture for user UB Photos