প্ৰেমৰ চলেৰে প্ৰেমিকাৰ নগ্ন ফটো ভাইৰেল কৰিছিল ছচিয়েল মিডিয়াত, তাৰ পাছতে প্ৰেমিকাই প্ৰেমিকৰ লগত কৰিলে এই কাম! সৰ্বত্ৰে চৰ্চা এই ঘটনা......

fake love

পুনৰ বাৰ ভুৱা প্ৰেমৰ বলি এগৰাকী যুৱতী।  নিজৰ প্ৰেমিকাৰ অশ্লীল ফটো ছচিয়েল মিডিয়াত ভাইৰেল কৰি ৰঙা ঘৰৰ আলহী হ’বলগীয়া হৈছে এজন যুৱক। এক জঘন্য কাণ্ডটো সংঘটিত হৈছে হাজোৰ দামপুৰত।

fake love

উল্লেখ্য যে, হাজোৰ দামপুৰৰ আছিকুৰ ৰহমান নামৰ যুৱকজনে প্ৰায় দুবছৰ ধৰি প্ৰেমৰ সম্পৰ্কত আছিল কামৰূপৰ বৰিজেনী গাঁৱৰ এগৰাকী যুৱতীৰ সৈতে। কিন্তু দিন যিমানেই আগবাঢ়িছিল প্ৰেমিক আছিকুৰৰ মানসিক আৰু শাৰীৰিক অত্যাচাৰৰ সন্মুখীন হৈছিল যুৱতী গৰাকী। কেৱল এয়াই নহয়, আছিকুৰে প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰাৰো গুৰুতৰ অভিযোগ ভুক্তভোগী যুৱতীগৰাকীৰ। অৱশেষত আছিকুৰৰ এই সকলো কাণ্ডত অতিষ্ঠ হৈ তেওঁক এৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে যুৱতীগৰাকীয়ে। 

সমাজত বদনাম কৰাৰ উদ্দেশ্যৰে প্ৰেমিকাৰ নগ্ন ফটো ছচিয়েল মিডিয়াত ভাইৰেল কৰিলে লম্পট আছিকুৰে। উপায়হীন হৈ অৱশেষত হাজো আৰক্ষীৰ কাষ চাপিল যুৱতীগৰাকী আৰু প্ৰেমিক আছিকুৰৰ বিৰুদ্ধে দাখিল কৰিলে এজাহাৰ। এই এজাহাৰৰ ভিত্তিতেই ইতিমধ্যে হাজো আৰক্ষীয়ে লম্পট আছিকুৰ ৰহমানক আটক কৰি অব্যাহত ৰাখিছে সোধা–পোছা।  

Category
Profile picture for user UB Photos