ভয়ংকৰ ৰে'ল দুৰ্ঘটনা। বিহাৰৰ বক্সাৰ জিলাৰ ৰঘুনাথপুৰ ৰে’লৱে ষ্টেচনৰ সমীপত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো। বুধবাৰে নিশা ৯.৩৫ বজাত বিহাৰৰ বক্সাৰৰ ৰঘুনাথপুৰ ষ্টেচনৰ সমীপত লাইনচ্যুত হয় দিল্লীৰ পৰা কামাখ্যা অভিমুখী নৰ্থ ইষ্ট এক্সপ্ৰেছ।
জানিব পৰা মতে, ৰে’লখনে বক্সাৰৰ পৰা ৰঘুনাথপুৰত উপস্থিত হোৱাৰ সময়তে কেইবাটাও ডবা লাইনচ্যুত হয়। বক্সাৰৰ আৰক্ষী অধীক্ষকে জনোৱা মতে, ২৫০৬ নম্বৰ নৰ্থ ইষ্ট এক্সপ্ৰেছ লাইনচ্যুত হৈছে। ঘটনাস্থলীত জিলা প্ৰশাসন আৰু আৰক্ষীৰ দল উপস্থিত হৈছে।
আনহাতে, বক্সাৰৰ আৰক্ষী আয়ুক্তই জনোৱা তথ্য অনুসৰি, বিহাৰৰ বক্সাৰত নৰ্থ ইষ্ট এক্সপ্ৰেছ লাইনচ্যুত হোৱাৰ ঘটনাত চাৰিজন লোকৰ মৃত্যু হৈছে। অৱশ্যে ৰে’ল বিভাগৰ পৰা এতিয়ালৈ কোনো যাত্ৰীৰ মৃত্যুৰ কথা সদৰি কৰা হোৱা নাই। কিন্তু জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াই জনাইছে, ঘটনাস্থলীৰ পৰা চাৰিজন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।
উল্লেখ্য যে, যিসমূহ ডবা লাইনচ্যুত হৈ বাগৰি পৰিছে সেই ডবাসমূহ গেছ কাটাৰৰে কাটি আবদ্ধ হৈ থকা যাত্ৰীসকলক উদ্ধাৰৰ চেষ্টা কৰি থকা হৈছে। হতাহতৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ আশংকা আছে। আন্ধাৰৰ বাবে উদ্ধাৰ অভিযানত কিছু বাধাৰ সন্মুখীন হ’বলগীয়া হৈছে।
- Log in to post comments