“মানীবেগত” টকা নিটিকে নেকি; সদায় হয় নেকি অভাৱ? তেন্তে আজিয়েই মানীবেগৰ পৰা আঁতৰাওক এইবোৰ বস্তু…

money

বাস্তুৰ মতে মানীবেগত টকা-পইচাৰ উপৰিও আৰু কিছুমান বস্তু ৰখা হয় আৰু কিছুমান এনেকুৱা বস্তু থাকে যিবোৰ কোনো কামৰ নহয়। বাস্তু শাস্ত্ৰ অনুসৰি, মানীবেগৰ পৰা কিছুমান অলাগতীয়াল বস্তু শীঘ্ৰে বাহিৰ কৰিব লাগে। কাৰণ এইবোৰ বস্তুই আশে-পাশে থকা নেতিবাচক শক্তি বৃদ্ধি কৰে। অৱশ্যে কিছুমান বস্তু এনেকুৱাও আছে যিবোৰ মানীবেগত ৰখা আৰু ঘৰত সমৃদ্ধি অনাটো শুভ বুলি গণ্য কৰা হয়।

গতিকে আহক জানো সেইবোৰ বস্তু কি কি? 

কি কি বস্তু মানীবেগত ৰাখিব নালাগে? 

১. ফটা নোট মানীবেগত ভুলতেও ৰাখিব নালাগে - 

মানীবেগত ভুলতেও ফটা আৰু পুৰণি নোট নাৰাখিব, কাৰণ ই আপোনাৰ টকা-পইচা নোহোৱা কৰে। ইয়াৰ দ্বাৰা ধনৰ আগমণৰ পথ হ্ৰাস হয়। মানীবেগ যিমানে চাফা হ’ব, সিমানে আপোনাৰ ওচৰলৈ টকা আহিব।

২. মানীবেগত কেতিয়াও চাবি ৰাখিব নালাগে -

বাস্তু শাস্ত্ৰ অনুসৰি মানীবেগত কেতিয়াও চাবি নাৰাখিব। এনে কৰিলে সেই লোকজনৰ ধনৰ অভাৱ হয়।

কি কি বস্তু মানীবেগত ৰাখিব লাগে? 

১. আপোনাৰ মানীবেগত ৰাখক লক্ষ্মী মাৰ ফটো -

মানীবেগত সদায় আপুনি লক্ষ্মী মাৰ এখন পেপাৰ ফটো ৰাখিব। ইয়াৰ দ্বাৰা আপোনাৰ ধনৰ প্ৰবাহ কেতিয়াও নৰখিব, কিন্তু মনত ৰাখিব যে এই ফটোখন সময়ে-সময়ে সলনি কৰি থাকিব। ইয়াৰ লগতে মানীবেগত শ্ৰী যন্ত্ৰও ৰাখিব লাগে।

২. মানীবেগত চাউল ৰাখিব -

আপুনি মানীবেগত ২১টা চাউল বান্ধি ৰাখিব পাৰে। ইয়াক যথেষ্ট শুভ বুলি গণ্য কৰা হয়, ইয়াৰ দ্বাৰা আপোনাৰ কেতিয়াও নহ’ব টকাৰ অভাৱ।
 

Category
Profile picture for user UB Photos