৩০ বছৰৰ পাছত এইবাৰৰ দুৰ্গা পূজাত পৰিছে তিনিটা ৰাজযোগ! কোন কোন ৰাশিৰ জাতকৰ ভাগ্য উদয় হ'ব? জানো আহক.......

Durga Puja

অন্য বাৰতকৈ এইবাৰৰ দুৰ্গা পূজা বিশেষ। কিয়নো প্ৰায় ৩০ বছৰৰ পাছত তিনিটাকৈ বিশেষ যোগ পৰিছে এইবাৰৰ দুৰ্গা পূজাত। 

durga

১৫ অক্টোবৰ প্ৰতিপদ তিথিৰ পৰাই আৰম্ভ হ'ব পূজা। দুৰ্গাপূজাৰ সময়ত এই বছৰ অতি শুভ বুধাদিত্য আৰু ভাদ্ৰ ৰাজযোগৰ প্ৰভাৱ থাকিব। এইবাৰ দুৰ্গাপূজাত সূৰ্য আৰু বুধৰ যুঁটিৰ ফলত বুধাদিত্য ৰাজযোগ তৈয়াৰ হ'ব। বুধে স্বৰাশিত থাকি ভদ্ৰ ৰাজযোগ তৈয়াৰ কৰিব। শনিৰ স্বৰাশিত কুম্ভৰ অৱস্থানে শ শ ৰাজযোগ তৈয়াৰ কৰিব। ৩০ বছৰ পাছত তৈয়াৰ হৈছে এই তিনিটা ৰাজযোগ। যাৰ ফলত এইবাৰৰ দুৰ্গা পূজাৰ গুৰুত্ব আৰু বৃদ্ধি পাইছে।

এই ৰাজযোগৰ ফলত ৫ ৰাশিৰ জাতক-জাতিকাৰ হ'ব বিশেষ লাভ। কাৰ কাৰ ওপৰত দেৱী দুৰ্গাৰ আশীৰ্বাদ থাকিব সেই বিষয়ে জানো আহক?.....

মেষ ৰাশি -

mekh

দুর্গা পূজাৰ এই বিশেষ যোগৰ ফলত মেষ ৰাশিৰ জাতক বিশেষভাৱে লাভৱান হ'ব। এই সময়ত আপোনাৰ ঘৰ আৰু সম্পত্তি ক্রয়ৰ যোগ আছে। ইয়াৰোপৰি মাটি-সম্পত্তিৰ অন্যান্য কামতো লাভাম্বিত হ'ব। কর্মক্ষেত্রেও কোনো উচ্চপদ লাভ কৰাৰ সম্ভাৱনা আছে। চাকৰিৰ ভাল প্ৰস্তাৱ লাভ কৰিব মেষ ৰাশিৰ জাতকে। ব্যৱসায়ীসকলে আকস্মিক ধন লাভ কৰিব পাৰে। যাত্রাৰ প্রবল সম্ভাৱনা আছে। এই যাত্ৰা আপোনাৰ বাবে শুভ প্ৰমাণিত হ'ব। 

বৃষ ৰাশি -

taurus

এই তিনি ৰাজযোগত বৃষ ৰাশিৰ জাতকসকলৰ কেৰিয়াৰ আৰু ব্যৱসায়ত সফলতা আহিব। এই ৰাশিৰ জাতকে কর্মক্ষেত্রত প্রশংসা লাভ কৰিব। এই সময়ত আপোনাৰ ফচি থকা টকা ঘূৰাই পাব। পৰিয়ালত সুখ সমৃদ্ধি বাঢ়িব। বৃষ ৰাশিৰ চাকৰীয়াল জাতকে কর্মক্ষেত্ৰত নতুন দায়িত্ব লাভ কৰিব। সন্তানৰ পৰা সু-সংবাদ লাভ কৰিব। 

কর্কট ৰাশি -

কর্কট ৰাশি

বুধাদিত্য আৰু ভদ্ৰ ৰাজযোগৰ ফলত কৰ্কট ৰাশিৰ জাতকসকলৰ আৰ্থিক পৰিস্থিতি উন্নত হ'ব। ইয়াৰোপৰি আপোনাৰ সমস্ত কাম সম্পন্ন হ'ব। ইচ্ছাপূৰণ হ'ব কৰ্কট ৰাশিৰ জাতকৰ। কৰ্কট ৰাশিৰ জাতকসকলে নতুন কামৰ পৰিকল্পনা কৰিলে সফলতা লাভ কৰিব। সমাজত আপোনাৰ মান-সম্মান বৃদ্ধি পাব। দুৰ্গাৰ আশীৰ্বাদত গুৰুত্বপূর্ণ পৰিকল্পনাত সফলতা লাভ কৰিব।

মকৰ ৰাশি -

 Capricorn

তিনিটা ৰাজযোগৰ প্ৰভাৱত মকৰ ৰাশিৰ জাতকে শুভ সময় কটান। আনকি দুর্গা পূজাৰ মাজত কোনো সু-সংবাদ লাভ কৰিব। কেৰিয়াৰত উন্নতিৰ যোগ। চাকৰিয়ালৰ পদোন্নতিৰ যোগ। দৰমহা বৃদ্ধিৰ যোগ আছে। নিজৰ কামত মনোনিবেশ কৰক। স্বাস্থ্যৰ যত্ন ৰাখিব।

তুলা ৰাশি -

libra

দুৰ্গা পূজাৰ সময়ত এই ৰাশিৰ জাতকৰ সফলতাৰ যোগ আছে। আপোনাৰ সমস্ত মনোকামনা পূৰণ হ'ব। অৰ্থ লাভৰ যোগ। পৈতৃক সম্পত্তি সংক্ৰান্তীয় বিবাদৰ অন্ত পৰিব। সোন ক্ৰয়ৰো যোগ আছে। পৰিয়ালৰ সৈতে ভাল সময় কটাব।

Category
Profile picture for user UB Photos