২০২৩ -২৪ পৰ্যটন বৰ্ষৰ বাবে ১৫ অক্টোবৰৰ পৰা মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান......

Kaziranga National Park

পুনৰ পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। অহা ১৫ অক্টোবৰত মুকলি কৰিব এই উদ্যানখন। ২০২৩ -২৪ পৰ্যটন বৰ্ষৰ বাবে ১৫ অক্টোবৰত ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰৱেশ দ্বাৰ মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষয়। 

উল্লেখ্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণ বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালিকা সোণালী ঘোষে প্ৰকাশ কৰা মতে 'গ্ৰেটাৰ কাজিৰঙা টুৰিজিম' পৰিকল্পনাৰে লাওখোৱা বুঢ়াচাপৰি আৰু বিশ্বনাথক সামৰি ২০২৩-২৪ পৰ্যটন বৰ্ষক অধিক সম্প্ৰসাৰিত কৰা হ'ব।

kaziranga

আনহাতে, ১৫ অক্টোবৰত কেৱল জীপ ছাফাৰীহে মুকলি কৰা হ'ব। আৰু হাতী ছাফাৰীৰ বাবে পৰ্যটকসকলে অপেক্ষা কৰিব লাগিব নৱেম্বৰ মাহলৈ। 

আনহাতে নতুন পৰ্যটন বৰ্ষত ব’টিং, চাইক্লিং আদিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষয়৷ ১৫ অক্টোবৰত দ্বাৰ মুকলি অনুষ্ঠানলৈ নিমন্ত্ৰণ জনোৱা হৈছে মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত আৰু চন্দ্ৰমোহন পাটোৱাৰীক।

Category
Profile picture for user UB Photos