ইজৰাইল-পেলেষ্টাইনৰ যুদ্ধই ভাৰতৰ অৰ্থনৈতিক ক্ষেত্ৰখনত কি ধৰণে ক্ষতি কৰিছে সেই বিষয়ে জানো আহক?.........

israel

ইজৰাইল আৰু পেলেষ্টাইনৰ মাজৰ যুদ্ধ ক্ৰমে ভয়ংকৰ হৈ পৰিছে। গাজাৰ ৬ খন চহৰ ক্ৰমে বিয়েৰী, তফৰ, আজা, নিৰিম, আলুমিম আৰু হেগাৰীত হামাছ আৰু ইজৰাইলী সেনাৰ মাজত যুদ্ধ অব্যাহত আছে। বিয়েৰী চহৰত নিশা ১০০ৰো অধিক হামাছ সন্ত্ৰাসবাদী অনুপ্ৰৱেশ কৰাৰ তথ্য পোৱা গৈছে।

আনহাতে, ইজৰাইল-পেলেষ্টাইনৰ যুদ্ধৰ বাবে এছিয়ান বিমান সেৱাই ইজৰাইললৈ যোৱা কেইবাখনো বিমান সেৱা বাতিল কৰিছে। চাইনীজ এয়াৰলাইনছ, হাইনান এয়াৰলাইনছে ইজৰাইললৈ সকলো বিমান সেৱা বাতিল কৰিছে। চাংহাইৰ পৰা তেল আভিবলৈ বিমান সেৱা বাতিল কৰা হৈছে। কেথে পেচিফিক এয়াৰলাইনছেও ইজৰাইললৈ বিমান সেৱা বাতিল কৰিছে। হংকং আৰু তেল আভিবলৈ সকলো বিমান বাতিল কৰাৰ তথ্য পোৱা গৈছে। দক্ষিণ কোৰিয়াইও ইঞ্চিয়নৰ পৰা তেল আভিবলৈ বিমান সেৱা বাতিল কৰিছে।

israel

উল্লেখ্য যে, ইজৰাইল-পেলেষ্টাইনৰ যুদ্ধত বৰ্তমানলৈ দুয়োখন দেশৰ প্ৰায় ১১০০ লোক নিহত হৈছে। ইয়াৰে ভিতৰত হামাছৰ ভয়ংকৰ আক্ৰমণত ইজৰাইলৰ ৭০০ৰো অধিক নিহত হোৱাৰ উপৰিও প্ৰায় ২২০০ ইজৰাইলী আহত হৈছে। ইজৰাইল ডিফেঞ্চ ফ’ৰ্চে জনোৱা মতে গাজাৰ পৰা হামাছে প্ৰায় ৩,৩০০ ৰকেট আক্ৰমণ কৰিছে।

ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত হোৱা যুদ্ধৰ বাবে অৰ্থনৈতিক ক্ষেত্ৰখনত বিভিন্ন ধৰণৰ ক্ষতি-সাধন হৈছে। এই যুদ্ধৰ লগে লগে বাঢ়িছে খাৰুৱা তেলৰ মূল্য। ইজৰাইল আৰু পেলেষ্টাইনৰ যুদ্ধই মাধমাৰ শোধাব বিশ্ববাসীক। ৪ দশমিক ৫ শতাংশলৈ খাৰুৱা তেলৰ মূল্য বৃদ্ধি হোৱা বুলি আন্তৰ্জাতিক সংবাদপত্ৰত প্ৰকাশ পাইছে।

israel

আনহাতে, ভাৰততো পৰিছে ইজৰাইল পেলেষ্টাইনৰ যুদ্ধৰ প্ৰভাৱ। উত্তৰ প্ৰদেশৰ আলিগড় মুছলিম বিশ্ববিদ্যালয়ত পেলেষ্টাইনৰ সপক্ষে উলিওৱা হ’ল সমদল। দেওবাৰে বিশ্ববিদ্যালয়খনৰ চৌহদত উই ষ্টেণ্ড ফৰ পেলেষ্টাইন, AMU ষ্টেণ্ডচ ফৰ পেলেষ্টাইন শ্লোগানেৰে  পেলেষ্টাইনৰ সপক্ষে সমদল উলিওৱা হয়। যিসময়ত ভাৰতে ইজৰাইলৰ সপক্ষে থিয় দিছে সেই সময়ত আলিগড় মুছলিম বিশ্ববিদ্যালয়ত পেলেষ্টাইনৰ সপক্ষে সমদল উলিওৱা হৈছে। আনকি সন্ত্ৰাসবাদী সংগঠন হামাছৰো সমৰ্থনত শ্লোগান দিয়া হৈছে বিশ্ববিদ্যালয়ৰ চৌহদত।

israel

ইজৰাইলত ১০ নেপালী শিক্ষাৰ্থীৰ মৃত্যু। হামাছ সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত ১০ নেপালী শিক্ষাৰ্থী। হামাছৰ ৰকেট আক্ৰমণত নিহত শিক্ষাৰ্থীকেইজন। ৰকেট আক্ৰমণত আহত হৈছে ৭ জন নেপালী শিক্ষাৰ্থী। ইজৰাইলত হামাছে বন্দী কৰি ৰাখিছে আন ১৭ জনক। তেল আভিভত থকা নেপালৰ দূতাবাসে সদৰী কৰিছে এই তথ্য।

ইজৰাইলত ভাৰতৰ উদ্ধাৰ অভিযান। সুকলমে ইজিপ্তত উপস্থিত মেঘালয়ৰ ২৭ গৰাকী লোক। হামাছ-ইজৰাইলৰ যুদ্ধত আৱদ্ধ হৈ পৰিছিল লোককেইজন। ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ে প্ৰকাশ কৰিছে এই কথা। টুইটাৰত এই খবৰ জনায় মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই।    

Category
Profile picture for user UB Photos