অৱশেষত ঘোষণা হ'ল দেশৰ ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন! ক'ত, কেতিয়া নিৰ্বাচন অনুস্থিত হ'ব সেই বিষয়ে জানো আহক?......

Election

সোমবাৰে ভাৰতীয় নিৰ্বাচন আয়োগে ঘোষণা কৰিলে দেশৰ ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন। লগতে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে সময়সূচী ঘোষণা কৰে ভাৰতীয় নিৰ্বাচন আয়োগে। মধ্য প্ৰদেশ, ৰাজস্থান, মিজোৰাম, চট্টীশগড় আৰু তেলেংগনাত অনুষ্ঠিত হ'ব এই নিৰ্বাচন।

Election

উল্লেখ্য যে, ৫ খন ৰাজ্যত ৭ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰলৈ অনুষ্ঠিত হ'ব নিৰ্বাচন, এই ঘোষণা নিৰ্বাচন আয়োগৰ। মিজোৰামত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ৭ নৱেম্বৰত, ৰাজস্থানত ২৩ নৱেম্বৰ, তেলেংগনা ৩০ নৱেম্বৰ, মধ্যপ্ৰদেশত ১৭ নৱেম্বৰ আৰু চট্টীশগড়ত দুটা পৰ্যায়ক ৭ আৰু ১৭ নৱেম্বৰত এই নিৰ্বাচন অনুষ্ঠিত হ'ব। আটাইকেইখন ৰাজ্যৰে ভোটগণনা হ'ব ৩ ডিচেম্বৰত।

Election

ৰাজস্থানত ২০০খন আসন ,চট্টীশগড়ত ৯০ খন আসন, তেলেংগনাত ১১৯ খন আসন, মিজোৰামত ৪০ খন আসন আৰু মধ্যপ্ৰদেশত ২৩০ খন আসনৰ বাবে অনুষ্ঠিত হ'ব এই নিৰ্বাচন। অৰ্থাৎ মুঠ ৬৭৯ খন আসনৰ বাবে এই নিৰ্বাচন অনুষ্ঠিত হ'ব।

মুখ্য নিৰ্বাচন আয়ুক্তৰ মতে, এই পাঁচখন ৰাজ্যত মুঠ ১৬ কোটি ভোটাৰ আছে। ইয়াৰ ভিতৰত ৮.৫২ কোটি পুৰুষ আৰু ৭.৮ কোটি মহিলা ভোটাৰ। উল্লেখ্য যে, মিজোৰাম বিধানসভাৰ কাৰ্যকাল ২৩ ডিচেম্বৰত শেষ হ'ব। লগতে বাকী ৪ ৰাজ্যৰ বিধানসভাৰ কাৰ্যকাল শেষ হ'ব ২০২৪ চনৰ ১৬ জানুৱাৰীত।

Category
Profile picture for user UB Photos