ভয়ংকৰ বিমান দুৰ্ঘটনা! এই দুৰ্ঘটনাত প্ৰশিক্ষণৰত দুই ভাৰতীয় পাইলটৰ মৃত্যুৰ খবৰে শোক স্তব্ধ কৰিছে সমগ্ৰ ভাৰতীয়ক .....

CANADA

শনিবাৰে কানাডাৰ ব্ৰিটিছ কলম্বিয়া প্ৰদেশত সংঘটিত এক ভয়ংকৰ বিমান দুৰ্ঘটনা। এই বিমান দুৰ্ঘটনাত প্ৰশিক্ষণৰত দুই ভাৰতীয় পাইলটৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে। ভাৰতীয় পাইলট দুজন ক্ৰমে অভয় গাদ্ৰু আৰু যশ বিজয় ৰামুগাডে বুলি জানিব পৰা গৈছে।

CANADA

উল্লেখ্য যে, বিমান দুৰ্ঘটনাটোত দুজন ভাৰতীয় প্ৰশিক্ষাৰ্থী পাইলটকে ধৰি তিনিজন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ৰয়েল কানাডিয়ান মাউণ্টেড পুলিচে জনোৱা মতে, বিমানখনত থকা তিনিওজন লোকৰ ইতিমধ্যেই মৃত্যু ঘটিছে। মৃতকৰ পৰিয়ালক এই শোকাৱহ দুৰ্ঘটনাৰ বিষয়ে অৱগত কৰিছে ৰয়েল কানাডিয়ান মাউণ্টেড পুলিচে।

CANADA

অন্য এক খবৰ অনুসৰি, পাইপাৰ পি এ-৩৪ চেনেকা নামৰ টুইন ইঞ্জিনযুক্ত বিমানখন চিলিৱাক চহৰৰ এখন মোটেলৰ পিছফালে থকা গছ আৰু জোপোহাত খুন্দা মাৰৰ ফলতে এই বিমান দুৰ্ঘটনা সংঘটিত হয়।

কানাডাৰ পৰিবহণ সুৰক্ষা ব’ৰ্ডে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে। 

Category
Profile picture for user UB Photos