মাহী মাক হোৱাৰ বাবেই এনেদৰে কৰুণ মৃত্যু হ'ল নেকি অনুপমা দত্তৰ? সংবাদ মাধ্যমত বৃদ্ধা গৰাকীক 'মা' বুলি সম্বোধন কৰা সলনি বাৰে বাৰে 'বুঢ়ী' বুলি সম্বোধন কৰিছিল, কিন্তু কিয়?...

Jorhat

২ অক্টোবৰৰ দিনা যোৰহাটত পোহৰলৈ অহা কৰুণ ঘটনাই কঁপাই তুলিছে সমগ্ৰ ৰাজ্যক। এগৰাকী বৃদ্ধাৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ হৈছিল এখন বিচনাত।  যোৰহাটৰ ধৌৱাপুখুৰীত ঘৰৰ ভিতৰতে বৃদ্ধা মাতৃৰ গলিত মৃতদেহ উদ্ধাৰ হোৱাৰ চাঞ্চল্যকৰ ঘটনাটোৰ অন্তৰালৰ কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে। অনুমান কৰা হৈছে যে বৃদ্ধা মাতৃগৰাকীৰ মৃতদেহ উদ্ধাৰৰ ১০-১৫ দিন পূৰ্বে মৃত্যু হৈছিল।

মৃত বৃদ্ধা অনুপমা দত্ত দুজন পুত্ৰ আৰু এগৰাকী কন্যা সন্তানৰ মাতৃ আছিল। কিন্তু জানিব পৰা মতে,দুই পুত্ৰ আৰু কন্যা সন্তানৰ জন্মদাত্ৰী মাতৃ নাছিল অনুপমা দত্ত।  প্ৰায় ৪০ বছৰ পূৰ্বে মাতৃৰ মৃত্যুৰ পাছত পিতৃৰ দ্বিতীয় পত্নীৰ ৰূপত ঘৰখনলৈ আহিছিল অনুপমা দত্ত। 

jorhat

ডাঙৰ পুত্ৰ গেংটকত আৰু সৰু পুত্ৰ পৰমা দত্তৰ আমেৰিকাৰ কেলিফৰ্নিয়াত বাস কৰে। গেংটকত থকা বৰ পুত্ৰ জীতুৱে স্বীকাৰ কৰে যে অনুপমাই কেলিফৰ্নিয়াত থকা পৰমাক তুলি–তালি ডাঙৰ কৰিছিল। এই খিনিতে এটা খুব দুখৰ খবৰ যে, তিনি সন্তানে মাতৃক ‘মা’ৰ সলনি ‘বুঢ়ী’ বুলিহে সম্বোধন কৰিছিল। অনুপমা মাহী মাক হোৱা বাবেই তেওঁলোকে এনেদৰে মাতিছিল নেকি নে ইয়াৰ আঁৰত বেলেগ কিবা কথা আছে সেয়া স্পষ্ট নহয়।

আনহাতে, মাতৃৰ লগত বাস কৰিছিল বৰ জীয়াৰী মামণি দত্তই। কিন্তু মাতৃৰ মৃত্যুৰ খবৰ নোপোৱাৰ কথাই সকলোকে আচৰিত কৰিছে। একেটা ঘৰত থাকি কেনেকৈ মাতৃৰ মৃত্যুৰ বিষয়ে গম নাপালে। মাতৃৰ মৃতদেহ প্ৰায় গলি যোৱাত ওচৰ চুবুৰীয়াই গোন্ধ পোৱাৰ পিছতো একেটা ঘৰতে বাস কৰা  কন্যাই মৃত মাতৃৰ গলিত শৰীৰৰ গোন্ধ কেনেকৈ নাপালে, সেয়া লৈ মানুহৰ সন্দেহ উপজিছে। গেংটকত বাস কৰা জ্যেষ্ঠ পুত্ৰই যোৰহাটৰ ঘৰলৈ অহাৰ পিছতহে মাতৃৰ মৃত্যুৰ ঘটনা পোহৰলৈ আহে। 

তেওঁৰ ভাষ্য অনুসৰি, সৰু পুত্ৰৰ দৰে ৪ বছৰ আগলৈকে বৰ জীয়ৰী মামণি দত্ত আমেৰিকাতে বাস আছিল। কিন্তু মানসিক ৰোগৰ বাবে বেংগালুৰুত চিকিৎসা কৰিবলৈ আমেৰিকাৰ পৰা গুচি আহিছিল মামণি। এবছৰ মানৰ পূৰ্বে তেওঁ যোৰহাটৰ ঘৰখনলৈ ঘূৰি আহি মাকৰ সৈতে থাকিবলৈ লৈছিল মামণি। হয়তো সেই বাবেই তেওঁ মাতৃৰ এই দুখ লগা মৃত্যুৰ খবৰ নাপালে। কিন্তু এই কথা কিমান গ্ৰহণযোগ্য? কাৰণ ঘৰখনৰ সোঁফালৰ কোঠাটোত মাতৃ থকাৰ বিপৰীতে বাওফালে আছিল মামণি। দুখৰ বিষয় যে মাকৰ মৃত্যু হোৱাৰ পাছতো মৃতকৰ দুৱাৰদলিৰ সন্মুখেৰে আহি ঘৰত তলা ওলোমাই স্বাভাৱিকভাৱে বজাৰ–সমাৰ কৰি ফুৰিছিল মামণি দত্তই।

jorhat

কন্যাগৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত ব্যক্ত কৰা অনুসৰি তেওঁ মাতৃক খাদ্য, ঔষধ আদিৰ যোগান ধৰে। যদি তেওঁ সকলো দায়িত্ব লৈছিল, তেন্তে ভোক-পিয়াহ আৰু অৱহেলাত মাতৃ অনুপমাৰ কেনেকৈ মৃত্যু হ’বলৈ পালে, সেয়া এক ৰহস্য। ওচৰ চুবুৰীয়াৰ মতে, বৃদ্ধা অনুপমাই খাবলৈ নাপাই এমুঠি আহাৰ বিচাৰি ওচৰ চুবুৰীয়া ঘৰত গৈছিল। চুবুৰীয়াই ভাত পানী খুৱাই পিছত অনুপমাক ঘৰত থৈ আহিছিল। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে, বৃদ্ধাগৰাকীক খাবলৈ একো বস্তু দিয়া হোৱা নাছিল। 

এতিয়া বহুতে সন্দেহ কৰিছে যে, হয়তো বহুদিন খাবলৈ নাপায় অনুপমাই খাবলৈ চুবুৰীয়াৰ ঘৰত যাব বিচাৰিছিল যদিও ঘৰৰ গেটত তলা লগাই থোৱাৰ বাবে সেয়া সম্ভৱ নহ’ল, আৰু নিজ বিচনাখনতে পৰি ভোকত ককবকাই অৱশেষত মৃত্যুক সাৱটিলে বৃদ্ধা অনুপমাই। হাতত মোবাইল এটাও নথকা অনুপমাৰ চাগৈ ভোকতে হয়তো আমেৰিকাত থকা সুৰু পুত্ৰ পৰমালৈ মনত পৰিছিল। গেংটকত থকা বৰ পুত্ৰ জীতু আহিব আহিব বুলি বাট চাই অৱস হৈ পৰিছিল চাগৈ অনুপমা দত্ত। হয়তো চিঞৰ এটা মৰাৰো শক্তি নোহোৱা হৈছিল অনুপমা দত্তৰ। হয়তো মৃত্যুৰ পূৰ্বে পানী এটুপিও মুখত ল’ব নোৱাৰিলে অনুপমা দত্তই।

অনুপমাই  প্ৰায়েই ঘৰৰ বাৰান্দাত বহি একাকী সময় পাৰ কৰিছিল। কিন্তু এমাহমানৰ পৰা চুবুৰীয়াই ছাঁটোকে দেখা পোৱা নাছিল বৃদ্ধাৰ। তেতিয়াই অনুপমা দত্তৰ মৃত্যু হোৱাৰ সন্দেহ হৈছিল চুবুৰীয়াৰ। আনকি ঘৰখনৰ সন্মুখৰ বাটেৰে অহা যোৱা কৰোতে দুৰ্গন্ধৰ উমান পাইছিল চুবুৰীয়াই। কিন্তু গেট আৰু গ্ৰীলত ২৪ ঘণ্টাই তলা ওলমি থকা বাবে সোমাব পৰা নাছিল ঘৰত।   

Category
Profile picture for user UB Photos