কৃত্ৰিম বানৰ বাবে বাতিল কৰা হৈছে মহানগৰীৰ কেইবাখনো বিদ্যালয়ৰ ছমহীয়া পৰীক্ষা....

school

গুৱাহাটীত নিশা দিয়া মুষলধাৰ বৰষুণৰ ফলত ভয়াৱহ কৃত্ৰিম বানৰ সৃষ্টি হৈছে। মহানগৰীৰ কেইবাটাও অঞ্চলৰ জনতা এতিয়া জলবন্দী। বাট-পথ পানীৰে ডুব যোৱাৰ উপৰিও মানুহৰ ঘৰ-চোতালতো  কৃত্ৰিম বানে ভৰি পৰিছে। লেতেৰা পানীৰ ফলত মানুহে ঘৰতে আবদ্ধ হৈ থাকিব লগাত পৰিছে। স্কুল, অফিচ আৰু অন্যান্য কোনো কামৰ বাবেও ঘৰৰ পৰা ওলোৱাতোও সমস্যা হৈছে ভুক্তভোগী ৰাইজৰ। 

school

উল্লেখ্য যে, পুৱা মহানগৰৰ ৰাস্তাৰ মাজত বানত আবদ্ধ হয় এখন স্কুল বাছ , যাৰ ফলত বাছখনত থকা ছাত্ৰ–ছাত্ৰীসকলৰ মাজত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে। মাৰিয়া পাব্লিক স্কুলৰ কেইবাখনো বাছ বানত আবদ্ধ হৈ আছে। কৃত্ৰিম বানৰ বাবেই শিক্ষাৰ্থীয়ে বিদ্যালয়লৰ পৰা ঘৰলৈ উভতিব পৰা নাই। বৰ্তমান ছাত্ৰ–ছাত্ৰীৰ লগতে অভিভাৱকসকলেও চিন্তাত পৰিছে।

school

 

school

আনহাতে, এই বান পৰিস্থিতিৰ বাবে গুৱাহাটীৰ কেইবাখনো বিদ্যালয়ে আজি স্কুল বন্ধৰ ঘোষণা কৰিছে। আজি চানমাৰিৰ কৃষ্ণনগৰৰ  হলীচাইল্ড স্কুল বন্ধ বুলি বিদ্যালয় কৰ্তৃপক্ষই ঘোষণা কৰিছে। লগতে, গুৱাহাটীৰ ছেইণ্ট মেৰিজ স্কুল, সাতগাঁৱৰ SFS স্কুল বন্ধৰো ঘোষণা কৰা হৈছে। ইয়াৰোপৰি, মহানগৰীৰ কেইবাখনো বিদ্যালয়ৰ ছমহীয়া পৰীক্ষা বাতিল কৰা হৈছে।
 

Category
Profile picture for user UB Photos