মোবাইলত ব্যস্ত মাতৃ! পানীত ডুবি ৩ বছৰীয়া সন্তানৰ মৃত্যু হোৱা গমেই নাপালে মাকে.....

park

মোবাইল ফোনে হৈ পৰিল কাল। মোবাইলত ব্যস্ত মাতৃ, এখন ৱাটাৰ পাৰ্কলৈ গৈ আনন্দত বিমোৰ হৈ পাহৰিল সন্তানক। কণমানি সন্তানে যে অকলে ৱাটাৰ পাৰ্কত খেলিছে। খেলি থকাৰ সময়তে পানী ডুবি মৃত্যু হয় কণমানি পুত্ৰৰ।

ঘটনাৰ বিৱৰণী অনুসৰি, ঘণ্টাৰ পিছত ঘণ্টা ধৰি নিজৰ ফোনত ব্যস্ত আছিল ৩৫ বছৰীয়া মাতৃ। যাৰ বাবে সন্তানৰ কথা পাহৰি গৈছিল মহিলাগৰাকীয়ে। এই মৰ্মান্তিক ঘটনা সংঘটিত হয় আমেৰিকাৰ টেক্সাছৰ এল পাছো অঞ্চলৰ কেম্প কোহেন ৱাটাৰ পাৰ্কত।

park

উল্লেখ্য যে, সন্তানে পানীত খেলি থকাৰ সময়ত দায়িত্বহীনভাৱে দীৰ্ঘসময় ধৰি মোবাইল চোৱাত ব্যস্ত মাতৃ। মোবাইলৰ নিচাত সন্তানৰ কথা পাহৰি হৈছিল মহিলাগৰাকীয়ে। জানিব পৰা মতে, মহিলাগৰাকীৰ নাম জেছিকা উইভাৰ আছিল।

আনহাতে, মহিলাগৰাকীৰ গাফিলতিৰ বাবে তেওঁক কাঠগড়াত থিয় কৰোৱা হৈছে। কিন্তু অধিবক্তাৰ অভিযোগ, ৱাটাৰ পাৰ্কৰ লাইফগাৰ্ডৰ ক্ষেত্ৰত যিসকল দায়িত্বত আছিল, তেওঁলোকে কৰ্তব্যত অৱহেলা কৰিছে। সন্তানক চোৱাচিতাৰ কামত গাফিলতিৰ বাবে জেছিকাক এল পাছো কাউণ্টিৰ কাৰাগাৰত বন্দী কৰা হয়। পিছত আৰ্থিক বণ্ডৰ বিনিময়ত মুক্তি দিয়া হয়। 

দুৰ্ঘটনাৰ পিছত ৱাটাৰ পাৰ্কৰ চাৰি ফুট গভীৰ ছুইমিং পুলৰ পৰা শিশুটিৰ নিথৰ দেহ উদ্ধাৰ কৰা হয়।

park

অভিযোগ অনুসৰি, ৱাটাৰ পাৰ্কত নিয়ম থাকিলেও সেই শিশুটিয়ে কোনো লাইফ ভেষ্ট পিন্ধা নাছিল। ছুইমিং পুলৰ নিয়ম অনুসৰি ৬ বছৰৰ কম বয়সৰ শিশুৰ লাইফ ভেষ্ট থাকিবই লাগিব। তেওঁলোকে যিমান সময় ছুইমিং পুলত থাকিব, সিমান সময় নজৰ দিয়াৰ বাবে এজন প্ৰাপ্তবয়স্কও থাকিব লাগিব।

কিন্তু প্ৰত্যক্ষদৰ্শীৰ অভিযোগ, ৱাটাৰ পাৰ্কত জেছিকাই ঘণ্টা ঘণ্টা ধৰি নিজৰ ফোনতে ব্যস্ত আছিল। ছেলফি লোৱাৰ লগতে ফটো তোলাত ব্যস্ত আছিল। আনকি প্ৰত্যক্ষদৰ্শীসকলে এই কথাও কৈছে যে ছুইমিং পুলৰ পৰা শিশুটিৰ নিথৰ দেহ তুলি অনাৰ কিছু সময় পূৰ্বেও জেছিকাই গান গাই আছিল। মগ্ন আছিল ম’বাই ফোনত।

Category
Profile picture for user UB Photos