এইবাৰ মহালয়াত সূৰ্যগ্ৰহণ আৰু লক্ষ্মীপূজাত চন্দ্ৰগ্ৰহণ; গতিকে ইয়াৰ ফলত কি কি প্ৰভাৱ পৰিব! সেই বিষয়ে জানো আহক.......

durga

গ্রহণ হৈছে এটা মহাজাগতিক ঘটনা। নিৰ্দিষ্ট সময়ৰ পাছে পাছে গ্ৰহণ লাগি থাকে। এই বছৰতো দুটাকৈ সূর্যগ্রহণ আৰু চন্দ্ৰগ্ৰহণ আছে। ইতিমধ্যেই এটা চন্দ্ৰগ্ৰহণ আৰু আৰু এটা সূর্যগ্রহণ সম্পন্ন হৈছে। 
উল্লেখ্য যে, আগন্তুক অক্টোবৰ মাহতে পৰিছে আনটো সূৰ্য আৰু চন্দ্ৰগ্ৰহণ। মাত্র ১৫ দিনৰ ভিতৰত হ'ব লগা দুটা গ্রহণে নানান ক্ষেত্ৰত প্রভাৱ পেলাব বুলি জ্যোতিষীসকলে মন্তব্য কৰিছে। 

আনহাতে, ২০২৩ চনৰ শেষৰটো সূর্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণৰ গুৰুত্ব বৃদ্ধি পোৱাৰ কাৰণ হৈছে এই দুটা গ্রহণে বিশেষ দুটা দিনত পৰিছে। কাৰণ ১৪ অক্টোবৰৰ সূর্যগ্রহণৰ দিনটোতেই পৰিছে মহালয়া। আৰু তাৰ ঠিক ১৫ দিন পাছত অর্থাৎ ২৮ অক্টোবৰত লক্ষ্মীপূজাৰ নিশা আকৌ চন্দ্রগ্রহণ।

মহালয়াত সূর্যগ্রহণ - 

মহালয়া মানেই দেৱী দুর্গা কৈলাশৰ পৰা নামি ধৰা লৈ অহাৰ সময়। মহালয়া বা সর্বপিতৃ অমাবস্যই লৈ আনে উৎসৱৰ বতৰা। কিন্তু এই বছৰ মহালয়াতেই পৰিছে সূর্যগ্রহণ। বিগত ১০০ বছৰত এয়া এক বিৰল ঘটনা। সূৰ্যৰ বলয়গ্ৰাস গ্রহণ কিন্তু ভাৰতৰ পৰ দেখা নাযাব। ভাৰতৰ পৰা দেখা নাযায় বাবেই পিতৃতর্পণৰ নিয়মত প্ৰভাৱ নপৰে বুলিও জনাইছে জ্যোতিবীদ সকলে। ভাৰতীয় সময়মতে নিশা ৮বাজি ৩০ মিনিটৰ পৰা সূর্যগ্ৰহণ আৰম্ভ হৈ নিশা ২ বাজি ১৫ মিনিটলে এই গ্রহণ থাকিব।

লক্ষ্মী পূজাত চন্দ্রগ্রহণ -

শাস্ত্রজ্ঞ পণ্ডিতসকলে জনোৱা মতে, লক্ষ্মী পূজাত খণ্ডগ্ৰাস চন্দ্রগ্রহণ কেতিয়া হৈছিল শাস্ত্রজ্ঞ সকলেও সঠিককে ক'ব নোৱাৰে। বিগত ৫০ বছৰত লক্ষ্মী পূর্ণিমাত চন্দ্রগ্রহণ হোৱা নাই। পঞ্জিকা অনুসৰি লক্ষ্মী পূজাৰ দিনা ৰাতি ১ বাজি ৫৬ মিনিট পর্যন্ত থাকিব পূর্ণিমা তিথি ৷ নিশা ১ বাজি ৫ মিনিটত আৰম্ভ হ'ব চন্দ্ৰগ্ৰহণ। লক্ষ্মী পূজাৰ নিশা গ্রহণৰ পাছত গা ধোৱাটো শুভ বুলি জনাইছে জ্যোতিষশাস্ত্ৰই। ইয়াৰ ফলত মা লক্ষ্মীৰ আশীৰ্বাদত পোৱা যায় বুলি বিশ্বাস কৰা হয়।

Category
Profile picture for user UB Photos