আমেৰিকাৰ গৃহহীন মানুহ সকলে বাৰু কেনেকৈ জীৱন অতিবাহিত কৰে? সেই বিষয়ে জানো আহক........

America

ভাৰতৰ দৰে আমেৰিকাতো আছে দৰিদ্ৰ ব্যক্তি। আপুনি মই হয়তো কেতিয়াও কল্পনাই কৰা নাছিলো যে বিশ্বৰ আটাইতকৈ ধনী দেশ আমেৰিকাটো আছে দৰিদ্ৰলোক। আমেৰিকাৰ দৰে উন্নত ঠাইত থকা সেই দৰিদ্ৰ লোক সকলে বাৰু কেনেকৈ জীৱন-নিৰ্বাহ কৰে?

সেই বিষয়ে জানো আহক -

AMERICA

আচলতে আমেৰিকা বুলি ক'লে আমাৰ মনলৈ এখন উন্নতৰ কথা মনলৈ আহে, য'ত ডাঙৰ ডাঙৰ অট্টালিকা, বিলাসী গাড়ী, ধন সম্পতি, আদিৰে জীপাল হৈ থকা এটা জীৱন। কিন্তু বাস্তৱত সেয়া এখন কাল্পনিক ছবি। ভাৰতৰ দৰে আমেৰিকাতো আছে ভিক্ষাৰী বা মগনীয়া। যিয়ে ৰাস্তাৰ কাষৰ ফুটপাটত, কোনোৱে গাড়ীৰ ভিতৰত, গছৰ তলত থাকি জীৱন অতিবাহিত কৰি আছে। এই কথা খিনি পঢ়ি হয়তো আপুনিও আচৰিত হৈছে, কিন্তু এয়াই আমেৰিকাৰ বাস্তৱ ৰূপ।

ফুটপাটত বাস কৰা দৰিদ্ৰলোক সকলে এসাজ খাই আন সাজ খাবলৈও ভাবিব লগীয়া হয়। আনকি কোনো কোনোৱে কেতিয়াবা মাত্ৰ এসাজ ভাতৰো কৰিব নোৱাৰি ভোকৰ তাৰণাত তেনেকৈয়ে থাকিব লগীয়া হয়। 

AMERICA

বহু ব্যক্তিয়ে হাতত প্লে কাৰ্ড বনাই ভিক্ষা মাগে। সেই প্লে কাৰ্ডসমূহত লিখা থাকে - " মোক সহায় কৰক, মই বহুত দুৰ্ভগীয়া"। আনহাতে বহুতে ভোকৰ তাৰণাত নিচাসক্ত বস্তু সেৱণ কৰি নিচাত থাকি জীৱনটো কোনো মতে অতিবাহিত কৰি আছে।

বিশ্ব আটাইতকৈ উন্নত দেশ হোৱাৰ হেতুকে এই পৰ্ষন্ত কোনো মিডিয়াই আমেৰিকা যুক্তৰাষ্টৰ এই ছবিখন বিশ্ববাসীৰ আগত দাঙি ধৰা নাই। 

AMERICA

খবৰ অনুসৰি এই দুখীয়া বিধ্বস্ত লোক সকলক সহায়ৰ বাবেও যুক্তৰাষ্টৰ চৰকাৰে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা যোৱা নাই। গৃহহীন তথা দুখীয়া ব্যক্তি সকলক লৈ কোনো পৰিকল্পানা নাই যুক্তৰাষ্ট চৰকাৰৰ।  
 

Category
Profile picture for user UB Photos