
ৰাজ্যত সচাঁকৈয়ে স্বাস্থ্য বিভাগৰ উন্নত হৈছে নে? যদিহে হৈছে তেনেহ'লে ক'ত?
স্বাধীনতাৰ অমৃত মহোৎসৱ চলি থকাৰ মাজতে পোহৰলৈ আহিছে ৰাজ্যৰ উন্নয়নৰ ফোপোলা স্বৰূপ। বিধ্বস্ত পথৰ বাবেই ই-ৰিক্সাতে সন্তান প্ৰসৱ প্ৰসূতিৰ। এই ঘটনা বৰপেটাৰ আলোপতিৰ খাটিয়ামাৰীত।
উল্লেখ্য যে, বিধ্বস্ত পথৰ বাবে জৰুৰীকালীন এম্বুলেঞ্চ সেৱা উপলব্ধ নোহোৱাত ই-ৰিক্সাতেই চিকিৎসালয়লৈ নিবলগীয়া হয় প্ৰসূতি মাতৃক। আলোপতি চৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ নিয়াৰ পথতে ই-ৰিক্সাতে সন্তান প্ৰসৱ কৰে মহিলাগৰাকীয়ে। স্বাস্থ্যৰ অৱস্থা অধিক অৱনতি ঘটাত GMCHলৈ প্ৰেৰণৰ নিৰ্দেশ চিকিৎসকৰ। প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত থকা একমাত্ৰ এম্বুলেঞ্চখন বিকল হৈ থকাত পুনৰ ই-ৰিক্সাৰেই নগৰবেৰালৈ নিবলগীয়া হয় নৱজাতকসহ মাতৃগৰাকীক। শীঘ্ৰেই আলোপতি চৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত অতিৰিক্ত এম্বুলেঞ্চ প্ৰদান কৰাৰ লগতে অঞ্চলটোৰ বাট-পথসমূহ উন্নত কৰাৰো দাবী কৰিছে স্থানীয় ৰাইজে।
- Log in to post comments