মহানগৰীত পুনৰ চাইবাৰ ক্ৰাইম! এইবাৰ অৱসৰপ্ৰাপ্ত IAS বিষয়াৰ ঘৰত চাইবাৰ প্ৰৱঞ্চনাৰ জাল, আৰক্ষীৰ জালত ২৫০ জনৰো অধিক অভিযুক্ত.......

Cyber Crime

মহানগৰীৰ বিভিন্ন প্ৰান্তত চলিছে ক্ৰাইম ব্ৰাঞ্চ আৰু মহানগৰ আৰক্ষীৰ অভিযান। চাইবাৰ অপৰাধী আৰু ভুৱা কল চেণ্টাৰৰ বিৰুদ্ধে মহানগৰীত অভিযান আৰক্ষীৰ। ভুৱা কল কৰি বহু লোকৰ ওপৰত চলাই থকা লুণ্ঠনৰ বিৰুদ্ধে চলিছে এই অভিযান।

cyber crime

উল্লেখ্য যে, মহানগৰীৰ বহু অবৈধ কল চেণ্টাৰত চলিছে ক্ৰাইম ব্ৰাঞ্চ আৰু মহানগৰ আৰক্ষীৰ অভিযান। আৰক্ষী আয়ুক্তৰ নেতৃত্বত গুৱাহাটীৰ বামুণীমৈদাম, বৰবাৰী, ৰাজগড়, গান্ধীবস্তি আদি অঞ্চলত নিশাৰে পৰা চলি আছে অভিযান।

cyber crime

আনহাতে, প্ৰাক্তন IAS বিষয়া আতিকা চুলতানাৰ পুত্ৰ তছদিকুৰ ৰহমানৰ নাম সাঙোৰ খাইছে এই কেলেংকাৰিত। নিশা গান্ধীবস্তিৰ আতিকা চুলতানাৰ ঘৰতো চলিছিল অভিযান। গান্ধীবস্তিৰ শুভম এপাৰ্টমেণ্টত থাকে আতিকা চুলতানা। বৰ্তমানো মহানগৰ আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চৰ অভিযান চলি আছে। উল্লেখযোগ্য পূৰ্বেও গাঁওবুঢ়া নিযুক্তি কেলেংকাৰীত নাম সাঙোৰ খাইছিল অৱসৰপ্ৰাপ্ত IAS আতিকা তুলতানাৰ।

cyber crime

আনহাতে, নিশা মহানগৰীৰ চেন্ট্রেল মল, এবিচি, ভিভাণ্টা, জুৰোড তিনিআলি, গণেশগুৰিতো চলিছিল অভিযান। ইতিমধ্যে নিশাৰে পৰা ২৫০ৰো অধিক অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। এই চক্ৰৰ মষ্টাৰমাণ্ড দুজনক বিচাৰি নিশা ভিভাণ্টাতো চলিছিল অভিযান। ইয়াৰে এজন পলাই যাওঁতে বজালী আৰক্ষীয়ে কৰায়ত্ত কৰে। এই হেকিং চক্ৰৰ মাষ্টাৰমাইণ্ড হৈছে বিতৰ্কিত IAS বিষয়া অতিকা চুলতানাৰ পুত্ৰ তছদিকুৰ ৰহমান। নিশা তছদিকুৰক বিচাৰি অভিযান চলালে যদিও পলাতক হৈ আছে তেওঁ। এতিয়াও পলাতক তছদিকুৰ ৰহমান।

Category
Profile picture for user UB Photos