পুনৰ আৰক্ষীৰ জালত শুকুৰ আলী! এইবাৰ গো মাংস বিক্ৰি কৰি চৰ্চাত শুকুৰ......

sukur

আকৌ আৰক্ষীৰ জালত পৰিল সামাজিক মাধ্যমৰ নায়ক আগমণি শুকুৰ আলী। ধুবুৰীৰ বেলগুৰিৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত আটক শুকুৰ আলী। পশ্চিম বংগৰ পৰা নিষিদ্ধ গো মাংস লৈ গৌৰীপুৰ অভিমূখে গৈ থকা অৱস্থাত কৰায়ত্ত কৰে ৰাইজে। AS 01DP 5469 নম্বৰৰ এখন স্কুটীৰে আহি আছিল শুকুৰ আলী। সেই সময়তে ৰাইজে কৰায়ত্ত কৰে শুকুৰ আলীক।

sukur

উল্লেখ্য যে, আৰক্ষীৰ বেৰিকেড পাৰ হোৱাৰ পিছতে ৰাইজে স্কুটীসহ কৰায়ত্ত কৰে শুকুৰক। ৰাইজৰ হাতত কৰায়ত্ত হৈ মানসাইৰ পৰা নিষিদ্ধ মাংস কঢ়িয়াই অনাৰ কথা স্বীকাৰো কৰিছে শুকুৰ আলীয়ে। ৰাইজে কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়ে শুকুৰক।

sukur

আনহাতে, ধুবুৰী লোকসভা সমষ্টিৰ পৰা বদৰুদ্দিন আজমলৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হৈ চৰ্চালৈ আহিছিল শুকুৰ আলী। সামাজিক মাধ্যমত প্ৰায়ে ভাইৰেল হয় শুকুৰ। কেতিয়াবা যদি ইংৰাজী ডাইলগ মাৰি ভাইৰেল হয়, কেতিয়াবা আকৌ অভিনয়ৰ জৰিয়তে ভাইৰেল হয় শুকুৰ আলী।

sukur

ৰাজনীতিৰ পিছত ইতিমধ্যে অভিনয়তো খোজ দিছে শুকুৰে। শুকুৰৰ অভিনয়ৰ ক্লিপ সময়ে সময়ে ভাইৰেল হৈ থাকে ছচিয়েল মিডিয়াত। শুকুৰৰ একশ্যনৰ দৃশ্য, নৃত্যৰ দৃশ্যই হাঁহিৰ খোৰাক যোগায় সামাজিক মাধ্যমৰ ব্যৱহাৰকাৰীক। 

sukur

উল্লেখ্য যে, আজি পুৱা ৫ বজাত গো মাংসৰ অবৈধ ব্যৱসায়ত জড়িত শুকুৰ আলীক আটক কৰি আৰক্ষীক গতালে ৰাইজে।  AS 01DP 5469 নম্বৰৰ স্কুটিৰ ডিগীত আৰু এটা মোনাত  প্ৰায় ৩০ কিলগ্ৰাম গো মাংস লৈ আগমণিৰ পৰা গৌৰীপুৰলৈ  যাওঁতে ৰাইজে হাতে লোটে ধৰে । উল্লেখ যে, বি জে পি দলৰ লগত সম্পৰ্ক থকা বুলি দম্ভালি মৰা শুকুৰ আলীয়ে প্ৰতিদিনে পুৱতি নিশাই বংগৰ ৩০/৩৫  কিলগ্ৰাম গো মাংস লৈ গৌৰীপুৰলৈ চালান দিয়ে বুলিও জানিব পৰা গৈছে।
 

Category
Profile picture for user UB Photos