উদ্বোধন কৰা হ’ল অৰুণাচলৰ নেচিফু টানেল, ভাৰ্ছুৱেলী উদ্বোধন প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ...

nesifu

আজি উদ্বোধন অৰুণাচলৰ নেচিফু টানেল

ভাৰ্ছুৱেলী উদ্বোধন প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ

নৱনিৰ্মিত টানেলৰ দৈৰ্ঘ্য ৫০০ মিটাৰ

উন্নীত হ’ব টাৱাঙৰ সৈতে যোগাযোগ ব্যৱস্থা

চেলা পাছতো নিৰ্মাণ হৈ আছে টানেল

যি টানেলৰ জৰিয়তে যাব পাৰিব সীমান্তলৈ

যুগান্তকাৰী পৰিৱৰ্তন হ’ব সীমান্ত সুৰক্ষাত

আজি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভাৰ্ছুৱেলী উদ্বোধন অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাত নিৰ্মিত নেচিফু টানেল। বালিপৰা–চাৰদুৱাৰ–টাৱাং পথত নিৰ্মাণ কৰা ৫০০ মিটাৰ দৈৰ্ঘ্যৰ এই টানেলটো। এই টানেলটো উদ্বোধন হোৱাৰ লগে লগে টাৱাং অঞ্চলৰ সৈতে যোগাযোগ আৰু ৰণনীতিৰ ক্ষেত্ৰত এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’ব। অৰুণাচলৰ নেচিফুৰ লগতে চেলা- পাছতো BRO নিৰ্মাণ কৰিছে টানেল। এই টানেল সম্পূৰ্ণ হ’লেই অত্যাধুনিক যুদ্ধ সামগ্ৰী সীমান্তলৈ সহজেই সৰবৰাহ কৰিব পাৰিব ভাৰতীয় সেনাই।
 

Category
Profile picture for user UB Photos