পুনৰ মহানগৰীত ধন লুট! দিন-দুপৰতে গাড়ীৰ গ্লাছ ভাঙি লক্ষাধিক টকালৈ উধাও.....

thief

গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে ধন লুটৰ ঘটনা। এইবাৰ দিন দুপৰতে মহানগৰীৰ আমবাৰীত ধন লুটৰ ঘটনা সংঘটিত হয়। 

thief

জানিব পৰা ভুক্তভোগীগৰাকীয়ে আইচিআইচিআই বেংকৰ এটিএমৰ পৰা ধন উলিয়াই গাড়ীত ৰাখি বিপৰীত দিশে মাত্ৰ কেই মিনিটমানৰ বাবে গৈছিল। সেই সময়খিনিতেই দুৰ্বৃত্তই গাড়ীত কোনো নথকাৰ সুযোগ লৈ গাড়ীৰ গ্লাছ ভাঙি ৩ লাখ টকালৈ উধাও হয়।

thief

উক্ত বাহনখনৰ নম্বৰ হৈছে এএছ-০১-বিএম-৩৮৪৫। গুৱাহাটী প্ৰেছ ক্লাবৰ ঠিক সমীপতে সংঘটিত হোৱা এই ঘটনাৰ খবৰ পাই ঘটনাস্থলীত ইতিমধ্যেই উপস্থিত হৈছে শীৰ্ষ আৰক্ষী বিষয়া। উল্লেখ্য যে, ভুক্তভোগীগৰাকীৰ নাম বিনোদ দাস।

Category