আজিৰে পৰা আৰম্ভ G-20 শীৰ্ষ সন্মিলন!G-20 শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰী মোদীৰ সন্মুখত ‘BHARAT’ নামফলক......

G 20

আজি পৰা দুদিনীয়া কাৰ্যসূচীৰে দিল্লীত অনুষ্ঠিত হৈছে G-20 শীৰ্ষ সন্মিলন। ইতিমধ্যে এই সন্মিলনত ২৯খন দেশৰ শীৰ্ষ নেতৃত্ব উপস্থিত হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন, ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনাক, বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা, জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ পিছিডা, কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডো উপস্থিত হৈছে এই সন্মিলনত। 

G 20

G 20

উল্লেখ্য যে,  পুৱা ৯ বজাত G-20 শীৰ্ষ সন্মিলন শুভাৰম্ভ হৈছে ভাৰত মণ্ডপমত। এই সন্মিলনত এক পৃথিৱী এক পৰিয়াল এজেণ্ডাক লৈ হ’ব আলোচনা। বিশ্বগুৰু ভাৰতৰ নেতৃত্বত এইবাৰ প্ৰায় ২০০ৰো অধিক বৈঠক সম্পন্ন হৈছে। ২৯খন দেশৰ নেতৃত্বৰ লগতে ১৪টা আন্তৰ্জাতিক সংস্থাৰ মুৰব্বীও সন্মিলনত অংশগ্ৰহণ কৰিব। দুদিন ধৰি ভাৰত মণ্ডপমত চলিব G-20 শীৰ্ষ সন্মিলন।

আনহাতে, G-20 সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত দেখা গ’ল ‘‍BHARAT’ নামফলক। বিশ্ব নেতৃত্বৰ সন্মুখত প্ৰধানমন্ত্ৰী মোদীয়ে আনুষ্ঠানিকভাৱে যেন ঘোষণা কৰিলে নাম সলনিৰ সিদ্ধান্ত! দেশৰ নাম ‘ইণ্ডিয়া’ৰ সলনি ‘ভাৰত’ কৰাক লৈ শেহতীয়াকৈ দেশজুৰি সৃষ্টি হৈছে চৰ্চা। 

G 20

সেই সময়তে G-20 সন্মিলনত বিশ্ব নেতাসকলৰ উপস্থিতিত মোদীৰ সন্মুখত দেখা গ’ল ‘INDIA’ৰ সলনি ‘‍BHARAT’ নামফলক। ইয়াৰ পূৰ্বে ৰাষ্ট্ৰসংঘকে ধৰি আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰতৰ প্ৰতিনিধিসকলৰ সন্মুখত সদায় ‘INDIA’ নামফলক দেখা গৈছিল।

Category
Profile picture for user UB Photos