এতিয়াও শান্ত হোৱা নাই অগ্নিগৰ্ভা মণিপুৰ! মণিপুৰৰ টেঙনৌপাল জিলাত পুনৰ গুলীচালনা.........

Manipur

আকৌ এবাৰ উত্তপ্ত হৈ পৰিছে মণিপুৰ। মণিপুৰৰ টেঙনৌপাল জিলাৰ পাল্লেন অঞ্চলত শুকুৰবাৰে পুৱা প্ৰায় ৬ মান বজাত নিৰাপত্তা বাহিনী আৰু অস্ত্ৰধাৰীৰ মাজত গুলীচালনাৰ ঘটনা সংঘটিত হয়। বৰ্তমানো মাজে মাজে গুলীচালনা অব্যাহত থকাৰ খবৰ পোৱা গৈছে। এই গুলীচালনাত কোনো লোক আহত হোৱাৰ খবৰ বৰ্তমানলৈ পোৱা নাই।

manipur

উল্লেখ্য যে, বিষ্ণুপুৰ জিলাৰ ফৌগাকচাও ইখাইত দুদিন নাগৰিক সমাজ সংস্থা মণিপুৰ অখণ্ডতা সমন্বয়ক সমিতিয়ে এক গণ সমাৱেশৰ আহ্বান জনাইছিল। এই সমাবেশে পাছলৈ হিংসালৈ ৰূপান্তৰিত হয়। এই সমাৱেশক ছত্ৰভংগ কৰাবলৈ নিৰাপত্তা বাহিনীয়ে নিক্ষেপ কৰা কন্দুৱা গেছ আৰু ম’ক বোমাৰ কাণ্ডত বুধবাৰে এজন সাংবাদিকসহ কমেও ২৫ জন লোক আহত হৈছিল। 

manipur

এই গণ সমাবেশ বিষ্ণুপুৰ আৰু চুৰাচান্দপুৰ সীমান্তৰ দিশে যাত্ৰা কৰি সেনাই ৰাষ্ট্ৰীয় ঘাইপথত স্থাপন কৰা বেৰিকেডসমূহ আঁতৰোৱাবলৈ চেষ্টা কৰিছিল। বুধবাৰে ক’ক’মিৰ উদ্যোগত আয়োজিত গণ সমাৱেশত হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰা উদ্দেশ্য কোৱাকটা খেলপথাৰত সমবেত হৈছিল।

manipur

উল্লেখ্য যে, বিগত মে' মাহৰ পৰা মণিপুৰত হিংসাত্মক কাৰ্যকালাপ সংঘটিত হৈ আছে। গোষ্ঠীগত সংঘৰ্ষৰ ফলত বৰ্তমানলৈ কেইবাজনৰ মৃত্যুও হৈছে। অৱশ্যে বৰ্তমান কিছু স্থিৰ হৈছে মণিপুৰৰস্থিতি।

Category