সত্ৰত চোৰৰ তাণ্ডৱ! শ্ৰীকৃষ্ণৰ সোণৰ মুকুট চুৰি কৰাৰ লগতে ফালি পেলালে ৪০০ বছৰীয়া হনুমান মূৰ্তি.....

satra

চোৰৰ হাতৰ পৰা সাৰি নগ'ল সত্ৰ! বৰপেটাৰ সৰভোগৰ মইনবড়ী সত্ৰত চোৰৰ তাণ্ডৱ। সৰভোগৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৱস্থিত সত্ৰখনত নিশা চোৰে তাণ্ডৱ চলায়। সত্ৰৰ চাৰিবেৰৰ পকী বেৰ বগাই প্ৰৱেশ কৰে মূল কীৰ্ত্তন ঘৰত।

satra

কীৰ্তনঘৰৰ ভিতৰত থকা ৪০০ বছৰীয়া হনুমান মূৰ্তিৰ মূৰ ফালি তাণ্ডৱ চলোৱাৰ উপৰিও ৪০০ বছৰীয়া গৰুড় পক্ষীৰ মূৰ্তি, গুৰু আসন, পদশিলাৰ দৰে পবিত্ৰ সেৱাৰ সামগ্ৰী সমূহ লণ্ড ভণ্ড কৰে চোৰে। নাৰায়ণ দাস ঠাকুৰ আতাই প্ৰতিষ্ঠা কৰা সত্ৰখনৰ তলা ভাঙি চোৰ সোমাই ৫০০ বছৰীয়া স্মৃতি বিজৰিত বহু সামগ্ৰী আৰু সাঁচিপতীয়া পুথি লুট কৰি নিয়ে ৷

satra

বুধবাৰে নিশাৰ ভাগত সংঘটিত হোৱা এই চুৰিৰ ঘটনাই সমগ্ৰ বৰপেটা সৰভোগ অঞ্চলত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ সত্ৰৰ সত্ৰাধিকাৰৰ পুত্ৰ মহানন্দ অধিকাৰীয়ে জনোৱা মতে, চোৰে  ৰাধা কৃষ্ণৰ ২টা সোনৰ মূৰ্তি, বাঁহী, মুকুট আৰু ৪ ডাল সোণৰ হাৰ চুৰি কৰি নিয়ে ৷ প্ৰায় ৪৫০ বছৰ পুৰণি মূৰ্তি দুটাৰ মূল্য প্ৰায় ২০ লক্ষাধিক টকা হ'ব বুলি জানিব পৰা গৈছে। 

satra

একেদৰে সত্ৰত ব্যৱহৃত লক্ষাধিক টকা মূল্যৰ  ৩খন ডাঙৰ বটা, ৮খন শৰাই, তাল ৫ জোৰ, বৰকাহঁ এজোৰো চোৰে চুৰি কৰি নিয়ে ৷ চুৰি কৰি নিয়া সামগ্ৰী সমূহৰ ভিতৰত এযোৰ ৫০০ বছৰীয়া মঞ্জিৰা তাল, প্ৰায় ৫০০ বছৰীয়া এখন শৰাই, ১০ কেজি আৰু আঢ়ৈ কেজি ওজনৰ ২ টা ঘন্তা, কাহৰ ভিংগাৰ ২ টা, তামৰ ঘটি ২ টা, ৫০০ বছৰীয়া ২টা কলহ, পিতলৰ চৰিয়া ৪ টা, লোটা, নিৰ্মালী প্ৰদানত ব্যৱহৃত সামগ্ৰীৰ সৈতে প্ৰায় ৫০০ বছৰীয়া শংখ এটাও লুট কৰি নিয়ে ৷

satra

চোৰে সত্ৰখনত থকা লোৰ আলমাৰীৰ তলা ভাঙি তাত থকা চাৰিটা সোণ-ৰূপৰ ফুল, নগদ ধন ১০,৪০০ টকাও লুটি নিয়ে। আনহাতে সত্ৰৰ প্ৰসংগত ব্যৱহৃত মাইক চেট এটাও চুৰি কৰি লৈ যায় ।

satra

লক্ষ্যণীয়ভাৱে সত্ৰত থকা ৪খন মূল্যবান সাচিপতীয়া পুথি চুৰি কৰি নিয়ে ৷ ঐতিহাসিক সত্ৰখনত সংঘটিত এই চুৰিৰ ঘটনাত সত্ৰাধিকাৰৰ পৰিয়ালটোৰ লগতে অঞ্চলটোত ৰাইজক মৰ্মাহত কৰি তুলিছে ৷উল্লেখ্য যে, মইনবড়ীত ব্ৰহ্মপুত্ৰৰ খহনীয়াত জাহ যোৱা সত্ৰখন ২০০৫ চনত সৰভোগৰ চন্তাবাৰীলৈ স্থানান্তৰিত কৰা হৈছিল ৷

Category
Profile picture for user UB Photos