এক ঘৃণনীয় কাণ্ড! বিদালয়ৰ চৌহদতে চতুৰ্থ শ্ৰেণী ছাত্ৰীৰ সৈতে অপকৰ্ম প্ৰধান শিক্ষকৰ.......

Rape Case

ৰঙিয়াৰ সমীপৰ চিকনিবাৰীত সংঘটিত হৈছে এক জঘন্য ঘটনা। শিক্ষক-ছাত্ৰীৰ পৱিত্ৰ সম্পৰ্কত পুনৰ এবাৰ কালিমা সানিলে চিকনিবাৰী ঘোগাপাৰ এল পি স্কুলৰ প্ৰধান শিক্ষকে। পৰিয়ালৰ অভিযোগ, বিদ্যালয়ৰ ভিতৰতে প্ৰধান শিক্ষক দয়াল সৰকাৰে নিৰ্যাতন চলায় চতুৰ্থ শ্ৰেণীৰ কণমানি গৰাকীক।

উল্লেখ্য যে, বিদ্যালয় চুটি হোৱাৰ পিছত স্কুলৰ প্ৰধান শিক্ষকজনে বিদ্যালয় চাফা কৰিবলৈ ৰখাই থয় চতুৰ্থ শ্ৰেণীৰ ছাত্ৰীগৰাকীক। তাৰ পিছতে বিদ্যালয়খনত আন কোনো ছাত্র-ছাত্ৰী নথকাৰ সুযোগ বুজি প্ৰধান শিক্ষক দয়াল সৰকাৰে নিজৰ দুষ্কাৰ্য চৰিতাৰ্থ কৰে। লগতে কোনো লোকক এই বিষয়ে একো নক’বলৈ সকীয়াই দিয়ে প্ৰধান শিক্ষকে।

rape

কিশোৰীগৰাকীয়ে আতংকিত হৈ ঘৰলৈ যায়। তাৰ পিছত কেইবাদিন ধৰি বিদ্যালয়ত নোযোৱাত পৰিয়ালৰ লোকে সোধা–পোছা কৰি সমস্ত ঘটনা জানিব পাৰে। পিছত এই সকলো অভিযোগ বিদ্যালয়খনৰ পৰিচালনা সমিতিক অৱগত কৰে। কিন্তু এই ক্ষেত্ৰত পৰিচালনা সমিতিয়ে ঘটনাটো গাপ দি লুকুৱাই ৰাখিবলৈহে পৰামৰ্শ দিয়ে।

অৱশেষত বুধবাৰে ভুক্তভোগী পৰিয়ালটোৱে ন্যায় বিচাৰি গান্ধীবাৰী আৰক্ষী চকীত গোচৰ তৰে। গোচৰ তৰাৰ পিছতে তামুলপুৰ আৰক্ষীয়ে অভিযান চলাই আটক কৰে অভিযুক্ত প্ৰধান শিক্ষক দয়াল সৰকাৰক।

Category
Profile picture for user UB Photos