ইতিমধ্যেই আটক কৰা হৈছে তিনিচুকীয়াৰ CRPFৰ জোৱান হত্যাৰে জড়িত দুই দুৰ্বৃত্তক......

CRPF

ইতিমধ্যেই তিনিচুকীয়াৰ CRPFৰ জোৱান হত্যাৰে জড়িত দুজনক আটক। চাও নিউটা মিন, চাঁও আৰ্ভি খেনক আটক আৰক্ষীৰ। অসম আৰক্ষী-অৰুণাচল আৰক্ষীয়ে চলাইছিল অভিযান। নামচাই আৰু চাংলাং জিলাৰ পৰা আটক ২ দুৰ্বৃত্তক। চাংলাইৰ চাও নিউটা মিন, জেংলাইৰ বাসিন্দা চাও আৰ্ভি খেন। নামচাইলৈ ৰাওনা হৈছে বৰডুমচা আৰক্ষী। CCTVৰ দৃশ্যৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই আটক কৰে দুয়োকে।

crpf


উল্লেখ্য যে, তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী বৰডুমচাত বুধবাৰে সন্ধিয়া সংঘটিত হৈছিল এক নৃশংস হত্যাকাণ্ড। মটৰ চাইকেলত অহা দুজনীয়া দুৰ্বৃত্তৰ দলে চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল এজন চিআৰপিএফ জোৱানক। দুৰ্বৃত্তৰ চোকা অস্ত্ৰৰ আক্ৰমণত থিতাতে নিহত হৈছিল চিআ পিএফ জোৱানজন। এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত চেপা উত্তেজনা বিৰাজ কৰিছে।

CRPF

ঘটনাৰ বিৱৰণ অনুসৰি, বৰডুমচাৰ চিআৰপিএফ কেম্পৰ জোৱান সুনীল কুমাৰ পাণ্ডেই অসামৰিক পোচাকত জন্মাষ্টমীৰ বজাৰ কৰিবলৈ বুলি বুধবাৰে সন্ধিয়া বৰডুমচাৰ মাধৱপুৰলৈ ওলাই আহোতে মটৰ চাইকেলত অহা দুজনীয়া দুৰ্বৃত্তৰ দলে চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল তেওঁক। দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল জোৱান সুনীল কুমাৰ পাণ্ডে। আনহাতে এই কাণ্ডটো সংঘটিত কৰিয়েই দুৰ্বৃত্তৰ দলটো মটৰ চাইকেলেৰে অসমৰ দিশে পলায়ন কৰিছিল। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত জোৱানজনক স্থানীয়লোকে ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে যদিও আদবাটতে মৃত্যু হৈছিল জোৱানজনৰ ৷ 

Category
Profile picture for user UB Photos