নৃশংস হত্যাকাণ্ড! জন্মাষ্টমীৰ বাবে বজাৰ কৰিবলৈ গৈ মৃত্যুক সাৱটিলে এজন চিআৰপিএফ জোৱানে..........

CRPF

তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী বৰডুমচাত বুধবাৰে সন্ধিয়া সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড। মটৰ চাইকেলত অহা দুজনীয়া দুৰ্বৃত্তৰ দলে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে এজন চিআৰপিএফ জোৱানক। দুৰ্বৃত্তৰ চোকা অস্ত্ৰৰ আক্ৰমণত থিতাতে নিহত হয় চি আৰ পি এফ জোৱানজন। এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত চেপা উত্তেজনা বিৰাজ কৰিছে।

 CRPF

ঘটনাৰ বিৱৰণ অনুসৰি, বৰডুমচাৰ চিআৰপিএফ কেম্পৰ জোৱান সুনীল কুমাৰ পাণ্ডেই অসামৰিক পোচাকত জন্মাষ্টমীৰ বজাৰ কৰিবলৈ বুলি বুধবাৰে সন্ধিয়া বৰডুমচাৰ মাধৱপুৰলৈ ওলাই আহোতে মটৰ চাইকেলত অহা দুজনীয়া দুৰ্বৃত্তৰ দলে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে তেওঁক। দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় জোৱান সুনীল কুমাৰ পাণ্ডে। আনহাতে এই কাণ্ডটো সংঘটিত কৰিয়েই দুৰ্বৃত্তৰ দলটো মটৰ চাইকেলেৰে অসমৰ দিশে পলায়ন কৰে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত জোৱানজনক স্থানীয়লোকে ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে যদিও আদবাটতে মৃত্যু হয় জোৱানজনৰ ৷ 

 CRPF

প্ৰত্যক্ষদৰ্শীয়ে সদৰি কৰা মতে, মটৰ চাইকেলেৰে অহা যুৱকদুজন অৰুণাচলী আছিল আৰু তেওঁলোকৰ হাতে হাতে চোকা অস্ত্ৰ আছিল । ঘটনা সন্দৰ্ভত বৰডুমচা আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত দুই দুৰ্বৃত্তৰ সন্ধান পোৱা নাই । ইফালে জোৱানজনৰ হত্যাকাণ্ডত বৰডুমচা চিআৰপিএফ কেম্পৰ সতীৰ্থ জোৱানসকল খঙত টিঙিৰতোলা হৈ পৰিছে । জোৱানজনৰ ঘৰ উত্তৰ প্ৰদেশত বুলি জানিব পৰা গৈছে।
 

Category
Profile picture for user UB Photos