ঘৰত থকা কিছুমান সামগ্ৰীয়ে আপোনাৰ জীৱন সলনি কৰিব পাৰে! তেনেহ'লে এই বিষয়ে কেইটামান বাস্তু টিপছ জানো আহক.......

vastu tips

অতীতৰে পৰা বাস্তু শাস্ত্ৰৰ নিময় চলি আহিছে। বৰ্তমান সময়তো কিন্তু ইয়াৰ প্ৰচলন কৰি যোৱা নাই মানুহৰ মাজত। সকলো ক্ষেত্ৰতে বাস্তুক পালন কৰা হয়। থিক তেনেদৰে ঘৰ এটা সঁজাওতে বাস্তু শাস্ত্ৰৰ নিয়মসমূহ মানি চলাটো খুবেই প্ৰয়োজন বুলি বিশ্বাস কৰা হয়।

বাস্তু শাস্ত্ৰ অনুসৰি , ঘৰত থকা প্ৰতিটো বস্তুৰে কিছুমান ইতিবাচক আৰু কিছুমান নেতিবাচক শক্তি আছে। ইতিবাচক শক্তিয়ে ঘৰখনলৈ সুখ আৰু সমৃদ্ধি লৈ আহে। ঘৰৰ সুখ-শান্তি বজাই ৰাখিবলৈ আপুনি মানি চলিবলগীয়া কেইটামান বাস্তু টিপছ জানি লও আহক।

vastu tips

আহক জানো বাস্তু টিপছসমূহ কি কি -

১. ঘৰৰ মন্দিৰটো আটাইতকৈ পৱিত্ৰ স্থান। বাস্তু শাস্ত্ৰৰ নিয়ম অনুসৰি দেৱ-দেৱীসকলে ঘৰৰ উত্তৰ-পূব দিশত বাস কৰে। সেয়েহে এই দিশত মন্দিৰ থকাটো অতি শুভ বুলি গণ্য কৰা হয়।

২. ঘৰৰ গছ-গছনিত নিয়মীয়াকৈ পানী দিব লাগে। শুকান গছ-উদ্ভিদে জীৱনত নেতিবাচক প্ৰভাৱ পেলায়।

৩. বাস্তু শাস্ত্ৰৰ মতে ঘৰৰ পাৰ্কিঙৰ বাবে উত্তৰ-পশ্চিম দিশটো আটাইতকৈ শুভ।

৪. শোৱনি কোঠাৰ দুৱাৰৰ ফালে ভুলতো ভৰি দি শুব নালাগে। ই জীৱনলৈ নানান সমস্যা কঢ়িয়াই আনে।

৫. কেতিয়াও ঘৰ বা কোঠাৰ সজ্জাত কাঁইটীয়া উদ্ভিদ ব্যৱহাৰ নকৰিব।

৬. বাস্তু শাস্ত্ৰৰ মতে অগ্নি সম্পৰ্কীয় সঁজুলিবোৰ ঘৰৰ দক্ষিণ-পূব দিশত ৰাখিব লাগে।

৭. ঘৰটো সদায় পৰিষ্কাৰকৈ ৰাখিব লাগে। চৌদিশে লেতেৰা থাকিলে মনত নেতিবাচক চিন্তাৰ উদ্ভৱ হোৱাৰ লগতে পৰিৱেশটো অস্বাস্থ্যকৰ কৰি তোলে।

Category