শোকস্তব্ধ ISRO!চন্দ্ৰযান–৩ৰ উৎক্ষেপণৰ সময়ত বিশেষ ভূমিকা গ্ৰহণ কৰা বিজ্ঞানী এন ভালাৰমথীৰ দেহাৱসান.....

ISRO

ভাৰতৰ চন্দ্ৰযান-৩ৰ সফলতাক লৈ চাৰিওফালে আনন্দময় পৰিৱেশে বিৰাজ কৰিছে। তাৰ মাজতো ISROৰ ফালৰ পৰা আহিল এক বেয়া খবৰ। চন্দ্ৰযান–৩ মিছনৰ গুৰুত্বপূৰ্ণ সদস্য এন ভালাৰমথীৰ দেহাৱসান । ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ বিজ্ঞানী ভালাৰমথীয়ে চন্দ্ৰযান–৩ৰ উৎক্ষেপণৰ সময়ত কাউণ্ট–ডাউনৰ কাম কৰিছিল। 

ISRO

জানিব পৰা মতে, হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় বিজ্ঞানীগৰাকীৰ। তামিলনাডুৰ অৰিয়ালুৰৰ বাসিন্দা ভালাৰমথীৰ দেওবাৰে মৃত্যু হয়। চেন্নাইত শেষ নিশ্বাস ত্যাগ কৰে বিজ্ঞানীগৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৪ বছৰ।

ISRO

উল্লেখযোগ্য যে ২৩ আগষ্টত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰা চন্দ্ৰযান–৩ উৎক্ষেপণ কৰা হৈছিল ১৪ জুলাইত। অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ পৰা চন্দ্ৰযান–৩ৰ অন্তিম মুহূৰ্তত যি কাউণ্ট–ডাউন দিয়া হৈছিল তাত এন ভালামথীৰ কণ্ঠ শুনা গৈছিল। 

Category
Profile picture for user UB Photos