নাটকীয়ভাৱে উদ্ধাৰ এটি নৱজাতক! ৰাজপথত খোজকাঢ়ি থকা এজন যুৱকৰ হাতত কৌশলেৰে নৱজাতকক গতাই দি পলায়ন এহাল দম্পতীৰ........

Child

এইবাৰ পথৰ কাষত বা  অনাথ আশ্ৰমত নহয়, নাটকীয় ৰূপত পথত খোজকাঢ়ি যোৱা এজন যুৱকৰ হাতত নৱজাতকক দি পলাই সাৰে এহাল পুৰুষ-মহিলা। যোৰহাটত সংঘটিত হৈছে এক নাটকীয় কাণ্ড। বৃহস্পতিবাৰে পুৱা যোৰহাটৰ লিচুবাৰীত নাটকীয়ভাবে উদ্ধাৰ এটি সদ্যোজাত শিশু। 

Child

জানিব পৰা মতে, আজি পুৱাৰ ভাগত স্কুটীত অহা এহাল পুৰুষ -মহিলাই পথেৰে গৈ থকা এজন কিশোৰক তেওঁলোকে লগত কাপোৰেৰে মেৰিয়াই অনা এটি  সামগ্ৰী কিছু সময়ৰ বাবে ধৰিবলৈ অনুৰোধ কৰে। কিশোৰজনে মহিলাগৰাকীক সহায় কৰিবলৈ বুলি আগবাঢ়ি গৈ টোপোলাটো লওতেই পুৰুষ-মহিলাগৰাকীয়ে কিশোৰজনৰ কাষৰ পৰা গুচি যায়। সহায় কৰিবলৈ বুলি আগবাঢ়ি গৈ হাতত কাপোৰেৰে মেৰিয়াই থোৱা টোপোলাটো লৈ হতচকিত হৈ পৰে কিশোৰজন। কাৰণ কাপোৰেৰে মেৰিয়াই থোৱা টোপোলাটোৰ ভিতৰত এটি নৱজাতক আছিল।

ইয়াৰ পিছতে ঘটনা সন্দৰ্ভত কিশোৰজনে স্থানীয় লোক তথা তেওঁৰ পৰিয়ালক অৱগত কৰাত নৱজাতক শিশুটিক লিচুবাৰী আৰক্ষী চকীলৈ লৈ যোৱা হয়। তাৰ পিছতে শিশুটিক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। এই ঘটনাই অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

বৰ্তমানলৈকে শিশুটিৰ বিষয়ে বিশেষ তথ্য লাভ কৰিব পৰা হোৱা নাই। আৰক্ষীৰ তদন্ততহে সম্পূৰ্ণ তথ্য পোহৰলৈ আহিব।
 

Category
Profile picture for user UB Photos