নীলাচল উৰণসেতুত প্ৰথমটো অঘটন! উদ্বোধনৰ ২৪ ঘণ্টা নৌহওঁতেই মালিগাঁও উৰণসেতুত পথ দুৰ্ঘটনা.....

maligaon

উদ্বোধনৰ ২৪ ঘণ্টা নৌহওঁতেই নীলাচল উৰণসেতুত অঘটন। নৱনিৰ্মিত সেতুখনত সংঘটিত হৈছে প্ৰথমটো পথ দুৰ্ঘটনা।

জানিব পৰা মতে, এখন তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিয়ে উৰণ সেতুখনৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ দায়িত্বত থকা GMCৰ চাফাইকৰ্মীৰ এখন ঠেলাক। জালুকবাৰীৰ পৰা ভৰলুমুখ অভিমুখী উৰণ সেতুখনৰ কামাখ্যা গেটৰ অংশত এই ঘটনা সংঘটিত হৈছে। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ AS01HC2353।

আনহাতে, বাহনখনৰ খুন্দাত পৌৰ নিগমৰ কৰ্মী সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে বুলিও জানিব পৰা গৈছে।

maligaon

 

ইতিমধ্যে ঘটনাস্থলীত জালুকবাৰী যান-বাহন আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনা সংঘটিত কৰা ট্রাকখন জব্দ কৰিছে। ঘটনাৰ পিছতে সেতুখনত বহু সময় ধৰি যান-জঁটৰ সৃষ্টি হয়।

মন কৰিবলগীয়া যে, মঙলবাৰে বিয়লি ৪: ৩০ বজাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মালিগাঁৱৰ নৱনিৰ্মিত নীলাচল উৰণ সেতুখন মুকলি কৰিছিল। নিজৰ ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে সকলোকে উৰণ সেতুখন ভালদৰে ৰাখিবলৈ বাৰম্বাৰ অনুৰোধ জনাইছিল। তাৰ পাছতো একাংশ উদণ্ডলোকে নিশাৰ ভাগত সেতুত পিক পেলাই লেতেৰা কৰাৰ লগতে সুৰা আৰু পানীৰ খালী বটল পেলাই থৈ যায়।

Category
Profile picture for user UB Photos