এইবাৰ পত্নীৰ দ্বাৰা নিৰ্যাতিত এজন দুৰ্ভগীয়া স্বামী!পত্নীয়ে গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰি আহত কৰিলে স্বামীক......

Harassment

ৰাজ্যত আন এক নিৰ্যাতিত ঘটনা। এইবাৰ স্বামীয়ে নহয়, পত্নীয়েহে নিৰ্যাতন চলালে স্বামীৰ ওপৰত। এগৰাকী পত্নীয়ে গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰি আহত কৰিলে নিজ স্বামীক। এই ঘটনাটো সংঘটিত হৈছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰত ৷

উল্লেখ্য যে, পত্নীৰ নিৰ্যাতনত হুকহুকাই কান্দিছে স্বামীয়ে। নাৰায়ণপুৰৰ ধলপুৰ সৰু কাঠনিৰ হেমন্ত নেওঁগৰ সৈতে বিউতি গগৈয়ে দহ বছৰৰ পূৰ্বে প্ৰেমসূত্ৰে বিবাহ পাশত আৱদ্ধ হৈছিল ৷ এটি সন্তানৰ মাতৃয়ে বিউতিয়ে শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলায় আহিছে স্বামী হেমন্তৰ ওপৰত।

Harassment

আনহাতে, যিকোনো সময়ত কেৱল ধন দাবী কৰে স্বামীক। ধন নিদিলেই মাৰপিট কৰাৰ অভিযোগ। মদৰ নিচাত মাতাল হৈ স্বামীৰ ওপৰত দাদাগিৰি কৰাৰ অভিযোগ। কেৱল একমাত্ৰ সন্তানটোৰ মুখলে চাই সদায় ধৈৰ্য্য ধৰি আহিছে স্বামীয়ে। 

আইনৰ ভয় দেখুৱাই স্বামী হেমন্ত নেওঁগৰ ওপৰত অত্যাচাৰ চলায় পত্নী বিউতি গগৈয়ে। 

Harassment

আনহাতে সামান্য কথাতে বিউতি গগৈয়ে নিজৰ স্বামীক পদুলিমুখতে আঠুকঢ়োৱাৰ লগতে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে ৷ স্বামী হেমন্ত নেওগক মুৰ, ভৰি, পিঠি আদিত বাঁহেৰে কোৱাই আঘাত কৰাৰ লগতে শৰীৰৰ বিভিন্ন অংগত কামুৰি মাংস চিঙি পেলাই ৷ ইয়াতে ক্ষান্ত নাথাকি বিউতিয়ে  ঘৰৰ সা সামগ্ৰী ভাঙি, চিঙি লণ্ড ভণ্ড কৰি পেলাই।বৰ্তমান গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হৈ  চিকিৎসাধীন হৈ আছে স্বামী হেমন্ত নেওঁগ। স্বামীয়ে ন্যায় বিচাৰি ইতিমধ্যে ধলপুৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে ৷

Category
Profile picture for user UB Photos