আত্মহত্যাই যেন শেষ উপায় হৈ পৰিল এজন যুৱকৰ বাবে! টকা ধাৰলৈ লৈ ঘূৰাই দিব নোৱাৰি চৰম সিদ্ধান্ত......

Suicide

ৰাজ্যত পুনৰ আত্মহত্যা! এইবাৰ যোৰহাটত এজন যুৱকৰ চৰম সিদ্ধান্ত। এই খবৰটোৱে সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আত্মহত্যাৰ দৰে চৰম পথ বাচি লোৱা যুৱকজন প্ৰজ্ঞান জ্যোতি হাজৰিকা বুলি জানিব পৰা গৈছে। পৰিয়ালৰ লোকে জনোৱা অনুসৰি মৃত্যুৰ সময়ত যুৱকজনৰ বয়স আছিল প্ৰায় ২৮ বছৰ। প্ৰজ্ঞানৰ এনে সিদ্ধান্তই পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলবাসীক কন্দুৱাই থৈ যায়। 

উত্তৰ পশ্চিম যোৰহাটৰ কমলাবৰীয়া অঞ্চলৰ নিবাসী আছিল প্ৰজ্ঞান। পিতৃৰ কামৰ বাবে যোৰহাটৰ মুকলি কাৰাগাৰৰ কোৱাৰ্টাৰত মাকৰ সৈতে বাস কৰিছিল যুৱকজন। এই কোৱাৰ্টাৰতে মঙলবাৰে বিয়লি এই চৰম পথ বাচি লয়।

suicide

যোৰহাটৰ এটা গাড়ী ডিলাৰত কাম কৰিছিল প্ৰজ্ঞানে। যোৰহাটৰ বহুকেইজন মানুহৰ পৰা প্ৰজ্ঞানে টকা ধাৰলৈ লৈছিল। এই কথা জানিবলৈ দিয়ে পৰিয়ালৰ লোকে। পৰিয়ালৰ লোকৰ অভিযোগ যে, বিগত কেইবাদিনো ধৰি এই টকা ধাৰে লোৱা মানুহখিনিৰ চৰম অত্যাচাৰত মানসিকভাবে ভাগি পৰিছিল প্ৰজ্ঞান। বাবু, মইনা আৰু মঞ্জিত নামৰ ৩জন লোকৰ পৰা যুৱকজনে সুতত টকা ধাৰলৈ লৈছিল।

MAA

মঙলবাৰে সেই লোককেইজনৰ হত্যাৰ ভাবুকিৰ বাবে বিয়লি যোৰহাটৰ মুকল কাৰাগাৰৰ কোৱাৰ্টাৰত আত্মহত্যা কৰে যুৱকজনে। সন্ধিয়া মৃত যুৱকজনৰ মাতৃয়ে নামঘৰৰ পৰা আহি পুত্ৰৰ মৃতদেহ দেখা পাই পৰিয়ালৰ বাকী মানুহখিনিক খবৰ দিয়ে। পৰিয়ালৰ মানুহে আৰক্ষীক এই খবৰ দিয়াত আৰক্ষী আহি যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

এই ঘটনাৰ সন্দৰ্ভত পৰিয়ালৰ লোকে যোৰহাট সদৰ থানাত সুদখোৰ কেইজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।

Category
Profile picture for user UB Photos