খুদ নিজেই মাতিলে নিজৰ কাল! অত্যাধিক ড্ৰাগছ সেৱন কৰি মৃত্যু এজন কিশোৰৰ.......

Tinsukia

তিনিচুকীয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। তিনিচুকীয়া জিলাৰ বৰডুমচাৰ কুজুপথাৰত অত্যাধিক ড্ৰাগছ সেৱন কৰাৰ ফলত মৃত্যু কম বয়সৰ এজন যুৱকৰ মৃত্যু। মাৰ্ঘেৰিটা সমষ্টিৰ বৰডুমচা অসম আৰক্ষী থানাৰ অন্তৰ্গত ৩নং কুজুপথাৰ গাঁৱৰ নিবাসী ভৰত গোহাঁইৰ পুত্ৰ জয়মন গোহাঁই নামৰ যুৱকজনে অত্যাধিক ড্ৰাগছ সেৱন কৰাৰ পিছতে মৃত্যুমুখত পৰে।

মৃত জয়মন গোহাঁইয়ে পুতুল চেতিয়া নামৰ এজনৰ লগত ড্ৰাগছ সেৱন কৰাৰ কথা পোহৰলৈ আহিছে। আনহাতে, পৰিয়ালৰ অভিযোগ অনুসৰি মৃত যুৱকজনে অত্যধিক ড্ৰাগছ সেৱন কৰাৰ বাবে মৃত্যু মুখত পৰে। কিন্তু ঘটনাৰ পিছতে ঘটনাটোক গাপ দিয়াৰ চেষ্টা চলায় পুতুল চেতিয়াই, এই বুলি অভিযোগ তুলিছে মৃত যুৱকজনৰ পৰিয়ালৰ লোকে।

tinsukia

পুতুল চেটিয়াই যুবকজনৰ মৃত্যু হোৱাৰ পিছতো মৃত্যু হোৱা বুলি কিয় কোৱা নাছিল লগতে মৃত্যু হোৱা ঠাইৰ পৰা আঁতৰাই নি বাগানৰ পাছফালে থকা বননিৰ মাজত ৰাখি থৈ দিয়াৰ আঁৰৰ ৰহস্য কি হ’ব পাৰে বুলি প্ৰশ্ন তুলিছে আৰু এইক্ষেত্ৰত নিশ্চয় কিবা ৰহস্য আছে বুলি সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে।

উক্ত ঘটনাৰ লগত আন দুজন লোকো জড়িত থকাৰ সন্দেহ কৰিছে যুৱকজনৰ পৰিয়ালে। পৰিয়ালৰ লোকে উচিত বিচাৰৰ জৰিয়তে ন্যায় প্ৰদানৰ বাবে আহ্বান জনাইছে। প্ৰকৃততে উক্ত ঘটনাৰ মূল ৰহস্য কি, ইয়াৰ বাবে দায়ী কোন, সেয়া আৰক্ষীৰ তদন্ততহে নিশ্চিত হ’ব।

Category
Profile picture for user UB Photos