আকৌ হত্যা! বহিঃ ৰাজ্যত পুনৰ অসমীয়া যুৱকক হত্যা..........

death

পুনৰ বহিঃৰাজ্যত হত্যাৰ বলি হ'ল এগৰাকী অসমীয়া যুৱক। গোৱাত হত্যাৰ বলি হ'ল জামুগুৰিহাটৰ এজন লোক। গোৱাৰ এক কোম্পানীত কৰ্মৰত হৈ আছিল জামুগুৰিহাটৰ কৰতিপাৰ গাঁৱৰ ইন্দ্ৰ নাথ নামৰ লোকজন ৷

উল্লেখ্য যে, কোনো লোকে হত্যা কৰি ইন্দ্ৰ নাথৰ মৃতদেহ পেলাই থৈ যোৱাৰ সন্দেহ। কৰ্ম স্থানৰ নিছেই কাষৰ এখন জংঘলত উদ্ধাৰ কৰা হয় মৃতদেহটো। দুদিন পূৰ্বে স্থানীয় লোকে মৃতদেহটো উদ্ধাৰ কৰি পৰিয়ালৰ লোকৰ লগত যোগাযোগ কৰে।

death

উল্লেখ্য ইতিমধ্যে গোৱাৰ পৰা লৈ অহা ইন্দ্ৰ নাথৰ মৃতদেহ শনিবাৰে জামুগুৰিহাটৰ নিজা ঘৰত উপস্থিত হোৱাত এক শোকাকুল পৰিৱেশে বিৰাজ কৰে গাঁওখনত।বহিঃৰাজ্যত এইদৰে পুনৰ অসমীয়া লোকৰ মৃত্যুৰ বাতৰিয়ে চিন্তিত কৰি তুলিছে ৰাইজক।

Category
Profile picture for user UB Photos