অন্তিম ক্ষণত উপনীত ভাৰতৰ চন্দ্ৰযান–৩! চন্দ্ৰযান–৩ৰ অন্তিম ১৫ মিনিট হ'ব অতি ৰোমাঞ্চকৰ; জানক সমগ্ৰ প্ৰক্ৰিয়া.....

chandrayan

উৎসাহ আৰু উদ্বিগ্নতাৰ মাজেৰেই অন্তিম ক্ষণত উপনীত হৈছে বহুচৰ্চিত ভাৰতৰ তৃতীয়টো চন্দ্ৰ অভিযান। ২৩ আগষ্ট অৰ্থাৎ কাইলৈ সন্ধিয়া ৬ বাজি ৪ মিনিটত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব চন্দ্ৰযান–৩। ISRO–এ যেতিয়া চন্দ্ৰযান–৩ক ২৩ আগষ্টত চন্দ্ৰপৃষ্ঠত ছফ্ট লেণ্ডিং কৰাৰ চেষ্টা চলাব তেতিয়া অন্তিম ১৫ মিনিটত হ’ব অতি গুৰুত্বপূৰ্ণ। এই সময়ছোৱাত লেণ্ডাৰক উচ্চ গতিৰ পথালি স্থিতিৰ পৰা উলম্ব স্থিতিলৈ নিব লাগিব।

chandrayan

ISROৰ মতে, লেণ্ডিঙৰ প্ৰক্ৰিয়া ২৩ আগষ্টৰ সন্ধিয়া ৫.৪৫ বজাত চাৰিটা পৰ্যায়ত আৰম্ভ হ’ব। ইয়াত ৰাফ ব্ৰেকিং ফেজ, এল্টিটিউড হ’ল্ড ফেজ, ফাইন ব্ৰেকিং ফেজ আৰু টাৰ্মিনেল ডিচেণ্ট ফেজ অন্তৰ্ভুক্ত থাকিব। লেণ্ডিঙৰ এই অন্তিম ১৫ মিনিট অতি ৰোমাঞ্চকৰ মুহূৰ্ত হ’ব।

চাৰিটা পৰ্যায়ত হ'ব লেণ্ডিং

ISROৰ মুৰব্বী এছ সোমনাথে ৯ আগষ্টত এক ৰাজহুৱা সম্বোধনত কৈছিল যে চন্দ্ৰযান–৩ এই সময়ত প্ৰায় ৯০ ডিগ্ৰী হেলনীয়া হৈ আছে, কিন্তু লেণ্ডিঙৰ বাবে ই উলম্ব হোৱাটো প্ৰয়োজন। এই প্ৰক্ৰিয়াতে চন্দ্ৰযান–২ৰ সময়ত সমস্যা হৈছিল।

লেণ্ডাৰৰ লেণ্ডিং প্ৰক্ৰিয়া যেতিয়া আৰম্ভ হ’ব, তেতিয়া প্ৰথম পৰ্যায় ৰাফ ব্ৰেকিং পৰ্যায় হ’ব। এয়া প্ৰায় ৬৯০ ছেকেণ্ডৰ হ’ব। এই পৰ্যায়ত লেণ্ডাৰে প্ৰায় ১.৬৮ কিলোমিটাৰ প্ৰতি ছেকেণ্ডৰ গতিৰ পৰা যাত্ৰা আৰম্ভ কৰিব আৰু সেয়া হ্ৰাস কৰি ৩৫৮ মিটাৰ প্ৰতি ছেকেণ্ডলৈ অনা হ’ব। লেণ্ডাৰৰ গতি (পথালি) হ্ৰাস কৰাৰ বাবে ৪০০ নিউটনৰ ৪টা ইঞ্জিন ফায়াৰ কৰা হ’ব। মহাকাশ যানখনে ৬৯০ ছেকেণ্ডত প্ৰায় ৭৪৫ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব য’ত ইয়াৰ উচ্চতা চন্দ্ৰপৃষ্ঠৰ পৰা কেৱল ৭.৪ কিলোমিটাৰ থাকিব।

chandrayan

তৃতীয় পৰ্যায় হ’ল ফাইন ব্ৰেকিং ফেজ। এই পৰ্যায়ত লেণ্ডাৰে ৬.৮ কিলোমিটাৰ উচ্চতাৰ পৰা নিজৰ যাত্ৰা আৰম্ভ কৰিব আৰু চন্দ্ৰপৃষ্ঠৰ পৰা প্ৰায় ৮০০ মিটাৰ উচ্চতাত উপস্থিত হ’ব। ইয়াত প্ৰায় ১৭৫ ছেকেণ্ড সময় লাগিব। এই উচ্চতাত লেণ্ডাৰৰ গতি শূন্য হৈ পৰিব আৰু কিছু সময়ৰ বাবে ঘূৰি থাকিব। এয়া খুবেই গুৰুত্বপূৰ্ণ পৰ্যায়। কিয়নো ইয়াৰ পৰাই লেণ্ডাৰৰ চেঞ্চৰে চন্দ্ৰপৃষ্ঠত লেজাৰ ৰশ্মি প্ৰেৰণ কৰি লেণ্ডিঙৰ স্থান পৰীক্ষা কৰিব যে সেই স্থান লেণ্ডিঙৰ বাবে উপযুক্ত হয়নে নহয়। ইয়াৰ পিছত ই চন্দ্ৰপৃষ্ঠৰ পৰা প্ৰায় ১৫০ মিটাৰ উচ্চতাত উপনীত হ’ব।

ইয়াৰ পিছত চন্দ্ৰৰ পৃষ্ঠৰ পৰা ১৫০ মিটাৰ উচ্চতাৰ পৰা লেণ্ডাৰে সিদ্ধান্ত ল’ব যে সেই স্থানত লেণ্ডিং কৰিব নে নকৰে। যদি লেণ্ডিৰ বাবে স্থিতি অনুকূল নহয়, তেন্তে লেণ্ডাৰ সেই স্থানৰ পৰা ১৫০ মিটাৰ দূৰলৈ গুচি যাব আৰু তাত লেণ্ডিং কৰিব। এই অন্তিম পৰ্যায় টাৰ্মিনেল ডিচেণ্ট ফেজ হ’ব। বিক্ৰমে ১৫০ মিটাৰ উচ্চতাৰ পৰা প্ৰথমে ৬০ মিটাৰ উচ্চতালৈ নামিব। তাৰ পিছত ১০ মিটাৰ উচ্চতাত উপনীত হ’ব। যেতিয়া চন্দ্ৰপৃষ্ঠৰ পৰা উচ্চতা কেৱল ১০ মিটাৰ থাকিব তেতিয়া লাহে লাহে লেণ্ডিঙৰ বাবে আগবাঢ়িব আৰু সেই সময়ত ইয়াৰ গতিবেগ কেৱল ১ বা ২ মিটাৰ প্ৰতি ছেকেণ্ড হ’ব। ইয়াৰ পিছত যেতিয়া লেণ্ডাৰে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব তেতিয়া ইয়াৰ মুঠ ওজন ৮০০ কেজি থাকিব।

Category
Profile picture for user UB Photos