চিকিৎসা বিজ্ঞানৰ সফলতা! এতিয়াৰে পৰা মানুহৰ শৰীৰত গাহৰিৰ বৃক্ক সংৰোপণ.....

pig

বৰ্তমান বিজ্ঞানৰ যুগ গতিকে এই যুগত সকলো সম্ভৱ। চিকিৎসা বিজ্ঞানৰ আন এক নতুন সফলতা। এতিয়াৰে পৰা জন্তুৰ অংগও হ'ব ট্ৰান্সপ্লাণ্ট। 

নিউয়ৰ্কত চিকিৎসকৰ এটা দলে গাহৰিৰ বৃক্ক মানুহৰ শৰীৰত সংৰোপণ কৰিছে, বিগত এমাহ ধৰি ইয়াৰ কাম চলি আছিল। ইয়াৰ দ্বাৰা চিকিৎসা বিজ্ঞানত এক নতুন ক্ৰান্তিৰ আশা উৎপত্তি হৈছে। 

pig

ভৱিষ্যতত জন্তুৰ অংগও মানুহৰ শৰীৰত সংৰোপণ কৰিব পৰা যাব! এই সংৰোপণ “ব্ৰেইন ডেড” শৰীৰত কৰা হৈছে। জন্তুৰ অংগৰে মানুহৰ জীৱন ৰক্ষা কৰাৰ চেষ্টাৰ আধাৰত এইটো এটা ডাঙৰ কৃতিত্ব বুলি গণ্য় কৰা হৈছে।

বুধবাৰে নিউয়ৰ্ক বিশ্ববিদ্যালয়ে এই পৰীক্ষাৰ বিষয়ে জানিবলৈ দিয়ে। গৱেষকসকলে কোৱা অনুসৰি তেওঁলোকে আৰু এমাহলৈ চাব যে আচলতে অলবেল্ট নামৰ মৃত লোকজনৰ শৰীৰত এই গাহৰিৰ কিডনীটো কেনেদৰে কাম কৰে।

pig

নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ ট্ৰান্সপ্লাণ্ট ইনষ্টিটিউটৰ পৰিচালক ডাঃ ৰৱাৰ্ট মণ্টগোমৰীয়ে ক’লে, “কি ই মানুহৰ অংগৰ দৰে কাম কৰি আছে? বৰ্তমানলৈ এইটোৱে লাগি আছে।’ লগতে তেওঁ ক’লে ক’ব গ’লে গাহৰিৰ লগোৱা কিডনীটো মানুহৰ অংগতকৈও বেছি ভালদৰে কাম কৰি আছে।

pig

চিকিৎসকসকলে কয় যে ১৪ জুলাইত লোকজনৰ শৰীৰৰ পৰা তেওঁৰ আচল কিডনী উলিয়াই গাহৰিৰ কিডনী সংৰোপণ কৰা হৈছিল। ইয়াৰ কিছু সময়ৰ পিছতে দেখা গ’ল যে এই কিডনীটোৱে কাম কৰি আছিল আৰু ইউৰিনৰ প্ৰছেছ যেনেকুৱা আছিল তেনেকুৱাই আছে। ইয়াৰ দ্বাৰা এইটো সম্ভাৱনা আছে যে সংৰোপণৰ বাবে মানুহৰ অংগৰ অভাৱ গাহৰিৰ কিডনীৰে সম্পূৰ্ণ কৰিব পাৰি।

মৃত লোকজনৰ ভগ্নীয়ে কয় যে- মোৰ ভাতৃয়ে বিচাৰিছিল যে তেওঁ সকলোকে সহায় কৰাটো। যাৰ বাবে আমি তেওঁৰ ইচ্ছাৰ সন্মান ৰাখি তেওঁৰ শৰীৰটো ব্যৱহাৰৰ বাবে দান কৰিলো। তেওঁ ক’লে যে মোৰ ভাতৃ এতিয়া মেডিকেলৰ কিতাপত স্থান পাব আৰু সদায় জীয়াই থাকিব।

pig

দশক দশক ধৰি বিজ্ঞানীসকলে জন্তুৰ অংগসমূহ মানুহৰ শৰীৰত সংৰোপণ কৰাৰ চেষ্টা চলাই আছিল, কিন্তু বিফল হৈছিল। কিন্তু এই সফলতাৰে তেওঁলোকে আশাৰ পোহৰ দেখিছে। বৰ্তমান আমেৰিকাত ১ লাখ ৩০ হাজাৰ লোকক অংগ সংৰোপণৰ প্ৰয়োজন। ইয়াৰে ৮৮ হাজাৰ লোকক কিডনীৰ প্ৰয়োজন। এই অংগসমূহ লাভ কৰিবলৈ অপেক্ষা কৰি থাকোতেই বহুতৰে মৃত্যু হৈছে।

Category
Profile picture for user UB Photos