টকাৰ বাবেই প্ৰেমিকাক প্ৰৱঞ্চনা! প্ৰথমে প্ৰেম তাৰপিছত বিয়াৰ প্ৰস্তাৱ দি ১ কোটি টকা দাবী এগৰাকী SDOৰ.........

Nalbari

পুনৰ প্ৰেমিকাক প্ৰতাৰণা এগৰাকী SDOৰ। প্ৰথমে প্ৰেমৰ সম্পৰ্ক আৰু তাৰ পাছত বিয়াৰ প্ৰস্তাৱ দি পৰৱৰ্তী সময়ত ১ কোটি টকা দাবী। অগ্ৰীম ধন লৈয়ো যুৱতী গৰাকীক প্ৰৱঞ্চনা কৰাৰ অভিযোগত আটক হৈছে  SDO সমীৰণ দাসক। ভুক্তভোগী যুৱতীগৰাকীয়ে SDO সমীৰণ দাসৰ বিৰুদ্ধে উত্থাপন কৰিছে এই ভয়ংকৰ অভিযোগ। আনহাতে, সমীৰণ দাসৰ ঘৰ শুৱালকুছিত বুলি জানিব পৰা গৈছে৷

nalbari

SDO সমীৰণ দাস বৰ্তমান গুৱাহাটীৰ হেঙেৰাবাৰী জনস্বাস্থ্য কাৰিকৰী কাৰ্যলয় কৰ্মৰত। নলবাৰীৰ এগৰাকী যুৱতীয়ে এই গুৰুতৰ অভিযোগ উত্থাপন কৰি গোচৰ তৰাৰ পাছতে নলবাৰী আৰক্ষীয়ে আটক কৰিছে SDO সমীৰণ দাসক। উল্লেখ্য যে, SDO সমীৰণ দাসে নলবাৰী জিলাত কৰ্মৰত হৈ থকাৰ সময়তে এগৰাকী যুৱতীৰে সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল।

জানিব পৰা মতে, পৰৱৰ্তী সময়ত দুয়োটা পৰিয়ালৰ সন্মতিৰ ভিত্তিত বিয়াৰ কথা আগবাঢ়ে। কিন্তু তাৰ পাছতে সমীৰণ দাস আৰু তেওঁৰ পৰিয়ালে যুৱতীগৰাকীৰ ঘৰত কোনো ল'ৰা নথকাৰ সুযোগ লৈ ধন, সম্পত্তিৰ ওপৰত চকু দিবলৈ আৰম্ভ কৰে। বিয়াৰ খৰচ, বিদেশ ভ্ৰমণ আদিৰ নামত সমীৰণ দাসে যুৱতীগৰাকীৰ পৰিয়ালক ১ কোটি টকা দাবী কৰে। ইয়াৰোপৰি ইয়াৰে অগ্ৰীম ধন হিচাপে যুৱতীগৰাকীয়ে ২ লাখ টকাও দিয়ে।

nalbari

ইয়াৰ মাজতে ১৪ নৱেম্বৰ ২০২০ত সমীৰণ দাসৰ সৈতে যুৱতীগৰাকীৰ আঙঠি পিন্ধুৱা পৰ্বও সমম্পন্ন হয়। যুৱতীগৰাকী পেচাত এগৰাকী চিকিৎসক। তাইৰ মাতৃ শিক্ষয়ত্ৰী আৰু পিতৃ চিকিৎসক হোৱাৰ বাবেই এইদৰে ধন দাবী কৰে। অৱশ্যে যুৱতীগৰাকীৰ মাতৃগৰাকীয়ে চাকৰিৰ পৰা অৱসৰণ গ্ৰহণৰ বেলিকা পাবলগীয়া ধন চিকিৎসক পিতৃৰ স্থাৱৰ সম্পত্তি বিক্ৰী কৰি বিয়াৰ পাছত ৯৮ লাখ টকা দিয়াৰ কথা কয়।

nalbari

কেৱল সেয়াই নহয় পৰৱৰ্তী সময়ত যুৱতীগৰাকীৰ সৈতে আইনী বিবাহৰ বাবেও প্ৰস্তুতি সম্পূৰ্ণ কৰে যদিও বিবাহৰ আনুষ্ঠানিক পত্ৰ সংগ্ৰহ কৰাত আগ্ৰহ দেখুওৱাৰ পৰিৱৰ্তে বিভিন্ন অযুহাত দেখুৱাবলৈ আৰম্ভ কৰে। তাৰপাছত নলবাৰীৰ পৰা গুৱাহাটীলৈ বদলি হৈ আহি ৰে'লৱেত কৰ্মৰত আন এগৰাকী যুৱতীৰ সৈতে সম্পৰ্ক গঢ়ি তোলে।

এইসকলোবোৰ সমীৰণৰ পিতৃ, মাতৃৰ জ্ঞাতসাৰেই হোৱা বুলিও অভিযোগ উত্থাপন হৈছে। এইদৰেই সমীৰণ দাস নামৰ এইগৰাকী SDO ই যুৱতীগৰাকীক বিয়াৰ প্ৰলোভনেৰে সমাজিক, শাৰীৰিক আৰু মানসিক সম্পৰ্ক স্থাপন কৰিও প্ৰৱঞ্চনা কৰা অভিযোগ উত্থাপন কৰিছে।
 

Category
Profile picture for user UB Photos