"মোক এনকাউণ্টাৰ কৰক, মই জীয়াই থাকি লাভ নাই";পত্নী–কন্যাৰ মৃত্যুত অনুতপ্ত নে নাটক প্ৰবীণ আগৰৱালৰ........

rangia

ৰঙিয়াৰ মাতৃ–কন্যাৰ মৃত্যুৰ ঘটনাৰ মূল অভিযুক্ত প্ৰবীণ আগৰৱালাক আজি আদালতত হাজিৰ কৰোৱা হয়। আদালতলৈ নিয়াৰ সময়ত পত্নী–কন্যাৰ মৃত্যুত অনুতপ্ত প্ৰবীণ আগৰৱালাই চিঞৰি চিঞৰি কয় যে, "মোক ফাঁচী দিয়ক বা এনকাউণ্টাৰ কৰক, মই থাকি লাভ নাই"।

rangia

উল্লেখযোগ্য যে পত্নী–কন্যাৰ মৃত্যুৰ পিছত ৰে’লযোগে ৰহা পাইছিল গৈ প্ৰবীণ আগৰৱালা। চাপৰমুখত ৰে’লৰ আগত পৰি নিজকে শেষ কৰাৰ চেষ্টা চলাইছিল আগৰৱালাই। কিন্তু প্ৰত্যক্ষদৰ্শীয়ে বচাইছিল প্ৰবীণ আগৰৱালাক। এবাৰ নহয়, তিনিবাৰকৈ আত্মঘাতী হোৱাৰ চেষ্টা চলাই ব্যৰ্থ হৈছিল প্ৰবীণ।

rangia

বৃহস্পতিবাৰে নিশা পত্নী, কন্যা আৰু নিজেই প্ৰবীণ আগৰৱালাই নিজ ইচ্ছামতে হাঁহি হাঁহি জীৱন শেষ কৰাৰ চেষ্টা কৰিছিল। বিহপান কৰাৰ পিছতো ১২ ঘণ্টালৈকে মৃত্যু হোৱা নাছিল পত্নী–কন্যাৰ। সেয়ে পুনৰ চিপ লৈ আত্মহত্যা কৰা বুলি মন্তব্য কৰে প্ৰবীণে। সেয়ে এতিয়া নিজকে একাউণ্টৰ কৰিবলৈ আহ্বান জনাইছে প্ৰবীণ আগৰৱালাই‌।

Category
Profile picture for user UB Photos