
আজি দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস। স্বাধীনতা দিৱসৰ পৱিত্ৰ ক্ষণত স্বাধীনতা যুঁজাৰু বীৰ শ্বহীদ সকলক শ্ৰদ্ধাৰে স্মৰণ কৰি সমগ্ৰ দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিলো ৷ আজিৰ দিনটোতে দেশ স্বাধীন হোৱাৰ ৭৬টা বছৰ সম্পূৰ্ণ হৈছে ৷
আজি সমগ্ৰ ভাৰততে উদযাপন কৰা হৈছে ৭৭ সংখ্যক স্বাধীনতা দিৱস। আজিৰ দিনটোতেই ব্ৰিটিছৰ পৰাধীনতাৰ শিকলি ছিঙি দেশবাসীয়ে স্বাধীনতাৰ নিচান উৰুৱাইছিল ভাৰত মাতৃৰ বুকুত।

দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত দেশজুৰি হৰ ঘৰ ত্ৰিৰংগা, স্বাধীনতাৰ অমৃত মহোৎসৱউদযাপন কৰা হৈছে। স্বাধীনতা দিৱস উপলক্ষে আমি সুৱৰিছোঁ প্ৰতিজন ভাৰতীয়ৰ ত্যাগ আৰু বলিদান, যিসকলে নিজৰ জীৱনকো তুচ্ছ কৰি দেশৰ স্বাধীনতাৰ বাবে হেলাৰঙে প্ৰাণ দিছিল, ইংৰাজৰ গুলী হাঁহি হাঁহি বুকু পাতি লৈছিল, হাঁহি হাঁহি ফাঁচীকাঠত ওলমিছিল। আমাৰ বাবে যিসকলে নিজৰ সৰ্বস্ব উজাৰি দিছিল, তেওঁলোকক আজি আমি সুৱৰিছোঁ, প্ৰণিপাত জনাইছোঁ তেওঁলোকৰ চৰণত।
ইপিনে, দিল্লীৰ লালকিল্লাত আড়ম্বৰপূৰ্ণ অনুষ্ঠান। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাত উত্তোলন কৰিলে ৰাষ্ট্ৰীয় পতাকা ৷ উপস্থিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ। উলহ-মালহেৰে উদযাপন স্বাধীনতাৰ স্বৰ্ণিল ৭৬ বছৰ। লালকিল্লাৰ পৰাই দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰীৰ।
- Log in to post comments