মাত্ৰ কেইদিনমানৰ অতিথি আছিল তাই! মৃত্যুৰ পূৰ্বে প্ৰেমিকৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ সপোন ১০ বছৰীয়া কিশোৰীৰ...

America

এজনী ১০ বছৰীয়া কণমানি। মাত্ৰ কেইদিনমানৰ অতিথি আছিল তাই। বৰ্তমান এইখন পৃথিৱীত নাই কণমানিজনী। মৃত্যুৰ পূৰ্বেই এই ১০ বছৰীয়া কণমানিজনীৰ এক সপোন পূৰণ কৰা হ'ল। তাই জনা হোৱাৰ পৰা এটাই সপোন নিজৰ প্ৰেমিকৰ সৈতে বিয়া হোৱাৰ সপোন।

AMERICA

১০ বছৰীয়া কণমানিজনী লিউকেমিয়া ৰোগত আক্ৰান্ত আছিল। মৃত্যুৰ মাত্ৰ ১২ দিন পূৰ্বে শৈশৱৰ প্ৰেমিকৰ সৈতে বিবাহপাশত আৱদ্ধ হয় ছোৱালীজনী। ছোৱালীজনীৰ নাম এমা এডৱাৰ্ডছ আৰু এমাৰ প্ৰেমিকৰ নাম ডেনিয়েল মাৰ্শ্বেল ক্ৰিষ্টোফাৰ। এই ঘটনাটো হৈছে আমেৰিকাৰ।

AMERICA

২০২২ বৰ্ষৰ এপ্ৰিল মাহত এমা একুইট লিম্ফোব্লাষ্টিক লিউকেমিয়া ৰোগত আক্ৰান্ত হৈছিল। তেওঁৰ পিতৃ-মাতৃয়ে দীৰ্ঘদিন ধৰি চিকিৎসা কৰি আছিল যদিও চলিত বৰ্ষৰ জুন মাহত চিকিৎসকে হৃদয়বিদাৰক খবৰটো দিয়ে যে এমাৰ কৰ্কট ৰোগ নিৰাময় কৰিব নোৱাৰিব আৰু তাই এই পৃথিৱীত মাত্ৰ কেইদিনমানৰ হে অতিথি।

AMERICA

চিকিৎসকৰ ফালৰ পৰা এই দুখবৰটো পোৱাৰ পিছতে দুখত ভাঙি পৰিছিল পিতৃ-মাতৃ। চকুৰ সন্মুখতে নিজৰ সন্তানৰ মৃত্যু দিন চমু চাপি অহা দেখাটো সচাঁ হৃদয়বিদাৰক। দুখৰ মাজতে পিতৃ-মাতৃয়ে নিজ সন্তানৰ সপোন পূৰণৰ সিদ্ধান্ত ল'লে।

AMERICA

এমাই ডাঙৰ হৈ সমবয়সীয়া প্ৰেমিক ডেনিয়েল মাৰ্শ্বেল ক্ৰিষ্টোফাৰৰ সৈতে বিয়া হোৱাৰ সপোন দেখিছিল। এমাৰ পিতৃ-মাতৃয়ে কন্যাৰ সেই সপোন পূৰ কৰাৰ কথা ভাৱে। এই কথা জনোৱা হ'ল প্ৰেমিক ডেনিয়েলৰ ঘৰত। ডেনিয়েলৰ লগতে তেওঁৰ পৰিয়ালেও মৃত্যুমুখী ছোৱালীজনীৰ সপোন পূৰ কৰিবৰ বাবে আগুৱাই আহিল।

AMERICA

তাৰ পাছতে বিয়াৰ মাত্ৰ ১২ দিনৰ পিছতে সকলোকে কন্দুৱাই অজানা দেশলৈ গুচি গ'ল এমা এডৱাৰ্ডছ।

উল্লেখ্য যে, একুইট লিম্ফোব্লাষ্টিক লিউকেমিয়া হৈছে এক প্ৰকাৰৰ কেন্সাৰ, যি তেজ আৰু হাড়ৰ মজ্জাক প্ৰভাৱিত কৰে। ই দ্ৰুত আৰু আক্ৰমণাত্মকভাৱে শৰীৰত বিয়পি পৰে। প্ৰাপ্তবয়স্ক আৰু শিশু উভয়েই এই ৰোগত আক্ৰান্ত হ'ব পাৰে।

Category
Profile picture for user UB Photos