মাজনিশা প্ৰেমিকাক পিজ্জা (Pizza)খুৱাবলৈ আহি মৃত্যু প্ৰেমিকৰ! কিন্তু কেনেকৈ?.....

pizza

হায়দৰাবাদৰ বোৰাবন্দা এলেকাত সংঘটিত হৈছে এক কৰুণ ঘটনা। প্ৰেমিকাৰ বাবে পিজ্জা লৈ যোৱাই যেন হৈ কাল হৈ পৰিল যুৱকজনৰ বাবে। 

উল্লেখ্য যে, প্ৰেমিকাক খুৱাবৰ বাবে  যুৱকজনে তাইৰ ঘৰলৈ পিজ্জা লৈ গৈছিল। তাৰ পিছত চাদৰ ওপৰত দুয়ো প্ৰেমিক প্ৰেমিকাই মনে মনে পিজ্জা খাই আছিল। থিক তেনে সময়তে চাদৰ ওপৰলৈ আহে প্ৰেমিকাৰ পিতৃ। 

প্ৰেমিক যুৱকজনে প্ৰেমিকাৰ পিতৃৰ ভয়ত লুকাবলৈ লওতে চাদৰ পৰা বাগৰি পৰে। যাৰ ফলত যুৱকজন গুৰুতৰভাবে আহত হয় আৰু কৰুণ মৃত্যুক সাৱটি লয়।

boy

আৰক্ষীয়ে জনোৱা অনুসৰি, মাজনিশা ২০ বছৰীয়া প্ৰেমিক শ্বোয়েবে ডেটৰ বাবে পিজ্জা লৈ নিজৰ প্ৰেমিকাৰ ঘৰৰ চাদত গৈছিল, তেতিয়াই যুৱকজনে প্ৰেমিকাৰ পিতৃক চিৰিৰে খোজকাঢ়ি অহা শুনিলে। তাৰ পিছত ধৰা পৰাৰ ভয়ে যেন কাল অমানিশা মাতি আনিলে যুৱকজনলৈ। প্ৰেমিক যুৱকজনে ভয়তে চাদৰ কাষলৈ পলালে আৰু কিছুমান ওলমি থকা তাঁৰৰ সহায় লোৱাৰ চেষ্টাত তলত বাগৰি পৰে।

আৰক্ষীয়ে কোৱা অনুসৰি বিল্ডিংটোৰ চতুৰ্থ মহলাৰ পৰা বাগৰি পৰাৰ ফলত যুৱকজনে মূৰত যথেষ্ট আঘাত পাইছিল আৰু যাৰ ফলত তাৰ মৃত্যু ঘটে। মৃত যুৱকজন বেকাৰীৰ ফেক্টৰীত কাম কৰিছিল।


মৃত যুৱকজনৰ পৰিয়ালে প্ৰশ্ন উত্থাপন কৰিছে যে, কিয় এই ঘটনাৰ বিষয়ে জনোৱাত পলম কৰিলে। এই ঘটনাত প্ৰেমিকা আৰু পৰিয়ালৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। অৱশ্যে প্ৰেমিকাৰ পৰিয়ালে দাবী কৰিছে যে সেইটো এটা দুৰ্ঘটনাহে আছিল।

Category
Profile picture for user UB Photos