গৰু চুৰি কৰিবলৈ আহি ৰাইজ ৰোষত গৰু চোৰ।
মাজনিশা AS 02 EC 4777 নম্বৰৰ বলেৰো পিক আপ বাহনলৈ মৈধালী কলংপাৰ গাঁৱত প্ৰৱেশ কৰাত একাংশ গাঁও বাসীয়ে গাড়ীখন ৰখাবলৈ কোৱা অৱস্থাত পথৰ দাঁতিত ৰৈ থকা লোকক তীব্ৰবেগেৰে গাড়ী চলাই পলাবলৈ চেষ্টা কৰে গৰুচোৰকেইটাই।
উপায়ন্তৰ হৈ গাঁৱবাসীয়ে এখন ড্ৰাম্পাৰ বাহনৰ সহায়ত বলেৰো পিকআপ বাহনখন ৰখাবলৈ সক্ষম হয় যদিও বাহনখনত অহা চালকসহ চাৰিজন লোকে পলাবলৈ চেষ্টা কৰে।
অৱশেষত ৰাইজে আটাইকেইটাক ধৰি আনি বাহনখন চোৱা চিতা কৰাত গৰু চুৰি কাৰ্যত ব্যৱহৃত কিছু সন্দেহজনক সামগ্ৰী প্ৰত্যক্ষ হোৱাত চাৰিওজনকে সোধাই উত্তম মাধ্যম।
- Read more about গৰু চুৰি কৰিবলৈ আহি ৰাইজ ৰোষত গৰু চোৰ
- Log in to post comments