XPOSAT

নৱবৰ্ষৰ প্ৰথমটো দিনটোতে ISROৰ বিশেষ অভিযান। নতুন বছৰৰ আৰম্ভণি ব্যতিক্ৰম কৰি তুলিছে ইছ’ৰই। ১ জানুৱাৰী ২০২৪ দিনাই XPOSAT কৃত্ৰিম উপগ্ৰহৰ সফল উৎক্ষেপণ কৰে ইছৰোৱে। কৃষ্ণগহ্বৰ আৰু নিউট্ৰন ষ্টাৰৰ অধ্যয়ন কৰিব XPOSATএ। XPOSATৰ লগতে অন্য ১০টা উপগ্ৰহও উৎক্ষেপণ কৰে ইছৰোৱে।

PSLV-C58 ৰকেটেৰে নতুন বছৰৰ প্ৰথমটো পুৱা ৯ বাজি ১০ মিনিটত শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা প্ৰেৰণ কৰে এই কৃত্ৰিম উপগ্ৰহ। PSLV-C58 ৰকেটৰ ৬০সংখ্যক মিছন এয়া। আনহাতে, ISROৱে প্ৰেৰণ কৰা XPOSATৰ জীৱনকাল হ’ব মাত্ৰ ৫ বছৰ।