নৱবৰ্ষক ব্যতিক্ৰমী ৰূপে আদৰণি ISROৰ! XPOSAT কৃত্ৰিম উপগ্ৰহৰ সফল উৎক্ষেপণ............

ISRO

নৱবৰ্ষৰ প্ৰথমটো দিনটোতে ISROৰ বিশেষ অভিযান। নতুন বছৰৰ আৰম্ভণি ব্যতিক্ৰম কৰি তুলিছে ইছ’ৰই। ১ জানুৱাৰী ২০২৪ দিনাই XPOSAT কৃত্ৰিম উপগ্ৰহৰ সফল উৎক্ষেপণ কৰে ইছৰোৱে। কৃষ্ণগহ্বৰ আৰু নিউট্ৰন ষ্টাৰৰ অধ্যয়ন কৰিব XPOSATএ। XPOSATৰ লগতে অন্য ১০টা উপগ্ৰহও উৎক্ষেপণ কৰে ইছৰোৱে।

PSLV-C58 ৰকেটেৰে নতুন বছৰৰ প্ৰথমটো পুৱা ৯ বাজি ১০ মিনিটত শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা প্ৰেৰণ কৰে এই কৃত্ৰিম উপগ্ৰহ। PSLV-C58 ৰকেটৰ ৬০সংখ্যক মিছন এয়া। আনহাতে, ISROৱে প্ৰেৰণ কৰা XPOSATৰ জীৱনকাল হ’ব মাত্ৰ ৫ বছৰ।

উল্লেখ্য যে, XPOSAT উৎক্ষেপণ কৰাৰ মূল উদ্দেশ্য হ’ল কৃষ্ণ গহ্বৰৰ ৰহস্যৰ বিষয়ে অধ্যয়ন কৰা। কৃষ্ণ গহ্বৰ আৰু হাতীপটিৰ অধ্যয়ন কৰিব এই উপগ্ৰহটোৱে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ লগতে আমেৰিকাৰ মহাকাশ গৱেষণা প্ৰতিষ্ঠান NASAয়ো ২০২১ৰ ডিচেম্বৰত এনেকুৱা অভিযান চলাইছিল।

Category
Profile picture for user UB Photos