the King of Bhutan

তিনিদিনীয়া ভ্ৰমণ সামৰি আজি বিদায় ল’ব ভূটান নৃপতিয়ে। ৰৰৈয়া হৈ দিল্লী অভিমুখে উৰা মাৰিব ভূটানৰ ৰজাগৰাকীয়ে। কাজিৰঙাৰ নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰি আপ্লুত ভূটানৰ ৰাজ পৰিয়াল। ভৱিষ্যতে ৰাণী আৰু ৰাজপৰিয়ালৰ অন্যান্য সদস্যৰ সৈতে কাজিৰঙা ভ্ৰমণ কৰাৰ ইচ্ছা ব্যক্ত কৰিলে ভূটান নৃপতিয়ে। ভূটানৰ ৰাজ পৰিয়ালক আতিথ্য আগবঢ়াবলৈ পাই গৌৰান্বিত ৰাজ্য চৰকাৰ। নিশা প্ৰকৃতি সংৰক্ষক বিশেষজ্ঞৰে বৈঠকত অংশ ল’লে ভুটান নৰেশে।