Old Parliament House

গণেশ চতুৰ্থীৰ দিনাই সলনি হ'ল দেশৰ সংসদ ভৱন। পুৰণি সংসদ ভৱনৰ পৰা নতুন সংসদ ভৱনলৈ আনুষ্ঠানিকভাৱে আগবঢ়াৰ প্ৰাকক্ষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰিলে পুৰণি সংসদ ভৱনৰ নাম।

পুৰণি সংসদ ভৱনটোৰ প্ৰাংগনত প্ৰদান কৰা শেষ ভাষণত তেওঁ ভৱনটোক "পুৰণি সংসদ ভৱন" ৰ সলনি "সংবিধান সদন" নামেৰে নামাকৰণ কৰে। ভাষণ প্ৰসংগত মোডীয়ে সকলোকে ভৱনটোক "পুৰণি সংসদ ভৱন" নামৰ সলনি "সংবিধান সদন" হিচাপে মাতিবলৈ আহ্বান জনায়।