জ্যোতিষ শাস্ত্ৰত গ্ৰহ নক্ষত্ৰ পৰিবৰ্তনক বিশেষ গুৰুত্ব দিয়া হয়। কোনো গ্ৰহই ৰাশি পৰিবৰ্তন কৰিলে তাৰ প্ৰভাৱ সমস্ত ৰাশিৰ জাতক-জাতিকাৰ ওপৰত পৰে। নক্ষত্ৰ পৰিবৰ্তনেও ৰাশিচক্ৰৰ ৰাশিসমূহক প্ৰভাৱিত কৰে।
উল্লেখ্য যে এই বছৰ ৰাখী পূৰ্ণিমাৰ দিনা নক্ষত্ৰ পৰিবৰ্তন কৰিব সূৰ্যই। এইবাৰ ৩১ আগষ্ট অৰ্থাৎ ৰাখী পুৰ্ণিমাৰ দিনা পূৰ্বাফাল্গুনী নক্ষত্ৰত প্ৰৱেশ কৰিব। জ্যোতিষ শাস্ত্ৰ অনুযায়ী সূৰ্যৰ নক্ষত্ৰ পৰিবৰ্তন তিনি ৰাশিৰ জাতকৰ বাবে শুভ প্ৰমাণিত হ'ব। তেওঁলোকৰ জীৱনত উন্নতি আহিব। ইয়াৰোপৰি সমস্ত কৰ্মতেই তেওঁলোক লাভৱান হ'ব।