বজালীৰ ডুবি মালিপাৰাত অমানৱীয় ঘটনা। পাষাণ পিতৃয়ে নিজ কন্যা সন্তানক হত্যা কৰাৰ অভিযোগ।
নিজৰ ১১ দিনীয়া দেৱশিশুক ৪ লাখ টকাত বিক্ৰী কৰাৰ যো-জা কৰিছিল পিতৃ নিৰঞ্জন মালাকাৰে। এই কথা পৰিয়ালৰ লোকে জ্ঞাত হোৱাৰ পিছত বিফল হয় নিৰঞ্জন মালাকাৰৰ চেষ্টা। অৱশেষত বিক্ৰী কৰিব নোৱাৰি দেৱশিশুটিক হত্যা কৰি গাতত পুতি থোৱাৰ অভিযোগ নিৰঞ্জন মালাকাৰৰ বিৰুদ্ধে।