পাশৱিক, অমানৱীয়! ১১ দিনীয়া দেৱ শিশুক বিক্ৰী কৰিব নোৱাৰি নৃশংসভাৱে হত্যা পিতৃৰ..........

Murder

বজালীৰ ডুবি মালিপাৰাত অমানৱীয় ঘটনা। পাষাণ পিতৃয়ে নিজ কন্যা সন্তানক হত্যা কৰাৰ অভিযোগ। 

murder case

নিজৰ ১১ দিনীয়া দেৱশিশুক ৪ লাখ টকাত বিক্ৰী কৰাৰ যো-জা কৰিছিল পিতৃ নিৰঞ্জন মালাকাৰে। এই কথা পৰিয়ালৰ লোকে জ্ঞাত হোৱাৰ পিছত বিফল হয় নিৰঞ্জন মালাকাৰৰ চেষ্টা। অৱশেষত বিক্ৰী কৰিব নোৱাৰি দেৱশিশুটিক হত্যা কৰি গাতত পুতি থোৱাৰ অভিযোগ নিৰঞ্জন মালাকাৰৰ বিৰুদ্ধে।

murder

বৰ্তমান পলাতক হৈ আছে নিৰঞ্জন মালাকাৰ। ঘটনাস্থলীত পাঠশালা আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। 

murder case

আনহাতে, শিশুটিক বিক্ৰী কৰাৰ ক্ষেত্ৰত শ্বহীদ মদন ৰাউতা অসামৰিক চিকিৎসালয়ৰ চিকিৎসক দিগন্ত চৌধুৰীৰ নাম উল্লেখ কৰিছে পত্নীয়ে।

Category
Profile picture for user UB Photos