Junmoni rabha road accident

এক কৰুণ খবৰে জোকাৰিছে অসমক। SI জোনমণি ৰাভাৰ কৰুণ মৃত্যুত শোকস্তব্ধ অসমবাসী। এক ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জোনমণিয়ে। প্ৰয়াত SI জোনমণি ৰাভা আছিল এগৰাকী সাহসী আৰক্ষী বিষয়া। ২০২২ চনৰ এক ঘটনাত সাহসিকতাৰ পৰিচয় দিছিল SI গৰাকীয়ে। সেই নিৰ্দিষ্ট ঘটনাৰ পৰাই চৰ্চিত হৈ পৰিছিল জোনমণি। সেইসময়ত মাজুলীত কৰ্মৰত আছিল জোনমণি। এগৰাকী বিধায়কৰ নিৰ্দেশ মানি নোলোৱাৰ বাবে অসমবাসীৰ প্ৰশংসাৰ পাত্ৰ হৈছিল SI গৰাকী। বিহপুৰীয়াৰ বিধায়ক অমিয় কুমাৰ ভূঞা আৰু জোনমণি ৰাভাৰ এক টেলিফ'নিক বাৰ্তা ভাইৰেল হৈ পৰিছিল সামাজিক মাধ্যমত।বিধায়ক গৰাকীয়ে জোনমণি ৰাভাক এখন নাও জব্দ কৰা সন্দৰ্ভত প্ৰশ্ন কৰিছিল আৰু বিষয়টোৰ তদন্তৰ পৰা আঁতৰি থাক